
গুৱাহাটী, ০৫ জুন (হি.স.)। আজি গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলামন্দিৰত অনুষ্ঠিত হোৱা শপত গ্রহণ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই শপত বাক্য পাঠ কৰোৱা অসম চৰকাৰৰ নৱ নিযুক্ত মন্ত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ।
বিকশিত, সুৰক্ষিত আৰু আত্মনিৰ্ভৰ অসমৰ দৃঢ় সংকল্পেৰে আজি 'টীম অসম' কেবিনেটৰ ১২ গৰাকী মন্ত্ৰীয়ে শপত গ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰক অধিক শক্তিশালী কৰিলে । মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বক অসম চৰকাৰৰ নৱ নিযুক্ত প্ৰতিগৰাকী মন্ত্ৰীয়ে সামূহিক দায়িত্ববোধ, জনকল্যাণৰ অংগীকাৰ আৰু উন্নয়নৰ দৃঢ় সংকল্পেৰে ৰাজ্যবাসীৰ সেৱাত আত্মনিয়োগ কৰিব বুলি দৃঢ় বিশ্বাস প্রকাশ কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে । লগতে সমূহীয়া প্ৰচেষ্টাৰ আৰু টীম স্প্রিটৰ শক্তিক সাৰথি কৰি ৰাজ্যখনৰ সামগ্ৰীক তথা সর্বাংগীন উন্নয়ন নিশ্চত কৰাৰ লগতে এখন অগ্রগামী, সমৃদ্ধ আৰু শক্তিশালী অসম গঢ়ি তোলাৰ লক্ষ্যৰে সকলোৱে সফলতাৰে দায়িত্ব পালন কৰিব বুলিও আশা প্রকাশ কৰিছে ৰাজ্যিক সভাপতিগৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী