হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় খন মন্ত্ৰী সভাত অশ্বনী ৰায় সৰকাৰক অন্তৰ্ভুক্ত কৰাৰ পিছতেই উৎফুল্লিত ধুবুৰীবাসী
ধুবুৰী, ০৫ জুন (হি.স.)। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় খন মন্ত্ৰী সভাত গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক অশ্বনী ৰায় সৰকাৰক অন্তৰ্ভুক্ত কৰাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে ধুবুৰীবাসী। বিধায়ক অশ্বনী ৰায় সৰকাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাত গৌৰীপুৰ চহৰত বিজেপি
হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় খন মন্ত্ৰী সভাত অশ্বনী ৰায় সৰকাৰক অন্তৰ্ভুক্ত কৰাৰ পিছতেই উৎফুল্লিত ধুবুৰীবাসী


ধুবুৰী, ০৫ জুন (হি.স.)। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় খন মন্ত্ৰী সভাত গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক অশ্বনী ৰায় সৰকাৰক অন্তৰ্ভুক্ত কৰাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে ধুবুৰীবাসী।

বিধায়ক অশ্বনী ৰায় সৰকাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাত গৌৰীপুৰ চহৰত বিজেপি দলৰ কর্মী ,সমৰ্থন আৰু ৰাইজৰ মাজত ব্যাপক আনন্দ উল্লাহ কৰা পৰিলক্ষিত হয়।গৌৰীপুৰৰ ৰাজপথত ফটোকা ফুটাই দলীয় কর্মী সমৰ্থকে আনন্দ ফুৰ্তি কৰাৰ লগতে দলীয় শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তুলি।ধুবুৰী জিলাৰ বিজেপি দলৰ একমাত্ৰ বিধায়ক গৰাকীক মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপি দলৰ কেন্দ্ৰীয় সভাপতি নীতিন নবীন,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ধন্যবাদ জ্ঞাপন কৰে গৌৰীপুৰবাসীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande