মালৱ্য নগৰ অগ্নিকাণ্ড: ভুৱা পাছপ’ৰ্ট, বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সৈতে সম্পৰ্কৰ বাবে কাৰাগাৰলৈ গৈছিল হোটেলৰ মালিক
নতুন দিল্লী, ০৫ জুন (হি.স.)। দক্ষিণ দিল্লীৰ মালৱ্য নগৰৰ ফ্ল’ৰিছ ষ্টেজ বি এণ্ড বিত বুধবাৰে পুৱা সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডত ২১ জন লোকৰ মৃত্যু হোৱাৰ পিছতে হোটেলৰ মালিক লৱকেশ বাজাজক লৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। তদন্তত প্ৰকাশ পাইছে যে অগ্নিকাণ্ডৰ
মালৱ্য নগৰ অগ্নিকাণ্ড: ভুৱা পাছপ’ৰ্ট, বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সৈতে সম্পৰ্কৰ বাবে কাৰাগাৰলৈ গৈছিল হোটেলৰ মালিক


নতুন দিল্লী, ০৫ জুন (হি.স.)। দক্ষিণ দিল্লীৰ মালৱ্য নগৰৰ ফ্ল’ৰিছ ষ্টেজ বি এণ্ড বিত বুধবাৰে পুৱা সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডত ২১ জন লোকৰ মৃত্যু হোৱাৰ পিছতে হোটেলৰ মালিক লৱকেশ বাজাজক লৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। তদন্তত প্ৰকাশ পাইছে যে অগ্নিকাণ্ডৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লৱভকেশ বাজাজক যোৱা বছৰ বাংলাদেশী নাগৰিকক ভুৱা ভাৰতীয় নথি-পত্ৰ প্ৰদান কৰাৰ অপৰাধতো গ্ৰেপ্তাৰ কৰা হৈছিল।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি ২০২৫ চনত পাহাৰগঞ্জ থানাই অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত লৱকেশ বাজাজৰ ভূমিকা উন্মোচন কৰিছিল। তদন্তত পোহৰলৈ আহিছে যে একাংশ বাংলাদেশী নাগৰিকে ভুৱা আধাৰ কাৰ্ড আৰু ভাৰতীয় পাছপ’ৰ্ট ব্যৱহাৰ কৰি দিল্লীত বাস কৰিছিল। তদন্তৰ সময়ত আৰক্ষীয়ে এই নথিসমূহত ব্যৱহৃত ঠিকনাসমূহ লৱকেশ বাজাজৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।

পাহাৰগঞ্জত আটক হৈছিল বাংলাদেশী পৰিয়াল

২০২৫ চনৰ ২৯ জানুৱাৰীত আৰক্ষীয়ে পাহাৰগঞ্জৰ সংগত্ৰশন অঞ্চলত এটা বাংলাদেশী পৰিয়ালে ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি বাস কৰি থকাৰ তথ্য লাভ কৰে। এই তথ্যৰ পিছতে আৰক্ষীয়ে ঘৰটোত অভিযান চলাই দুগৰাকী মহিলা আৰু এজন নাবালক ল’ৰাক উদ্ধাৰ কৰে। সোধা-পোছাৰ সময়ত তেওঁলোকে বৈধ পৰিচয় পত্ৰ দাখিল কৰিব পৰা নাছিল।

তালাচীৰ সময়ত আৰক্ষীয়ে দুখন বাংলাদেশী পাছপ’ৰ্ট, এখন ভাৰতীয় পাছপ’ৰ্ট, কেইবাখনো আধাৰ কাৰ্ড, আৰু বেংকিং নথি-পত্ৰ উদ্ধাৰ কৰে। তদন্তত বিভিন্ন নামেৰে নিৰ্মিত নথি-পত্ৰত একেগৰাকী মহিলাৰ ফটো থকাৰ কথাও পোহৰলৈ আহিছে। ইয়াৰ ফলত ভুৱা পৰিচয়ৰ অধীনত ভাৰতীয় নাগৰিক হোৱাৰ সন্দেহ আৰু অধিক বৃদ্ধি পালে।

টকাৰ বিনিময়ত ঠিকনা দিছিল

তদন্তৰ সময়ত আৰক্ষীয়ে আৱিষ্কাৰ কৰে যে ছুইটি চৰকাৰ ওৰফে বিউটি হাভালদাৰ নামৰ বাংলাদেশী মহিলাগৰাকীয়ে দক্ষিণ দিল্লীৰ ছত্তৰপুৰ এনক্লেভৰ ঠিকনা ব্যৱহাৰ কৰি ভাৰতীয় পাছপ’ৰ্ট লাভ কৰিছিল। ভেৰিফিকেচনৰ লগে লগে ঘৰটো লৱকেশ বাজাজৰ বুলি জানিব পৰা গৈছে।

জেৰাৰ সময়ত লৱকেশে ধনৰ বিনিময়ত নিজৰ ঠিকনা ব্যৱহাৰৰ অনুমতি দিয়াৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ অভিযোগ যে এই সাহায্যৰ জৰিয়তে বাংলাদেশী নাগৰিকে ভাৰতীয় পৰিচয় পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু দীৰ্ঘদিন ধৰি দেশত অবৈধভাৱে বাস কৰিবলৈ সক্ষম হৈছিল।

জেললৈ নিক্ষেপ আৰু পিছত জামিনত মুকলি

আৰক্ষী বিষয়াৰ মতে, পাহাৰগঞ্জ থানাত দাখিল কৰা এফআইআৰৰ তদন্তৰ অন্তত লভেকেশ বাজাজক গ্ৰেপ্তাৰ কৰি তিহাৰ জেললৈ প্ৰেৰণ কৰা হয়। প্ৰায় ১৫ দিন জেলত থকাৰ পিছত আদালতে জামিন প্ৰদান কৰে। এই গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে, আৰু গোচৰটো এতিয়াও আদালতত বিচাৰাধীন হৈ আছে।

এতিয়া অগ্নিকাণ্ডৰ ঘটনাত গ্ৰেপ্তাৰ

ইফালে বুধবাৰে মালৱ্য নগৰৰ ফ্লাৰিচ ষ্টেজ বি এণ্ড বিত সংঘটিত অগ্নিকাণ্ডত ২১ জন লোকৰ মৃত্যু হয়। এই ঘটনাৰ পিছতে দক্ষিণ জিলা আৰক্ষীয়ে হোটেলৰ মালিক লভেকেশ বাজাজক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে আদালতৰ পৰা তেওঁৰ জিম্মা বিচাৰিছিল, যিটো মঞ্জুৰ কৰা হৈছিল।

তদন্তকাৰী সংস্থাসমূহে এতিয়া হোটেলখনৰ পৰিচালনাৰ সৈতে জড়িত সকলো কৰ্মচাৰী, নথি-পত্ৰ, বিত্তীয় লেনদেন পৰীক্ষা কৰি আছে। দিল্লী আৰক্ষীয়ে হোটেলখনৰ একাউণ্টেণ্ট জয় মিশ্ৰ আৰু মেনেজাৰ ৰাকেশৰ সন্ধানত অভিযান চলাইছে। বিহাৰলৈও এটা দল প্ৰেৰণ কৰা হৈছে।

সূত্ৰ অনুসৰি, দক্ষিণ জিলা আৰক্ষীয়ে এতিয়া যোৱা বছৰৰ ভুৱা পাছপ’ৰ্ট গোচৰৰ সমগ্ৰ ফাইলটোও পৰীক্ষা কৰি হোটেলখনৰ পৰিচালনা, নথি-পত্ৰ, আৰু অন্যান্য কাৰ্যকলাপৰ মাজত কোনো সম্পৰ্ক আছিল নেকি সেইটো নিৰ্ণয় কৰি আছে। অগ্নিকাণ্ড আৰু পূৰ্বৰ অপৰাধমূলক গোচৰৰ মাজত সম্ভাৱ্য সম্পৰ্কৰ তদন্তও চলি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande