
বজালী ,০৫জুন (হি.স.)।
আজি বিশ্ব পৰিবেশ দিবস |
মাৰ বাবে এজোপা গছপুলি ৰোপন কৰিবলৈ আহ্বান
বঙাইগাও সামাজিক বনানীকৰণ বৰপেটাৰোড বনবিভাগৰ কৰ্মচাৰী সকলৰ আৰু স্থানীয় বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ উদ্যোগত বজালী নিত্যানন্দত গছপুলি বিতৰণ
বঙাইগাও সামাজিক বনসংমণ্ডলৰ পৰা বজালীত ৫০ হাজাৰ গছৰপুলি বিতৰণ কৰে |
বজালীৰ নিত্যানন্দত বঙাইগাও বনসংমণ্ডলৰ লগতে বৰপেটাৰোড বনবিভাগৰ কৰ্মচাৰী সকলৰ ফালৰ পৰা বজালীৰ বিভিন্ন অঞ্চলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সমূহৰ মাজতো গছপুলি বিতৰণ কৰে |
বিশ্বপৰিবেশৰ এই দিনতোত বজালীৰ নিত্যানন্দত উপস্থিত হয় বঙাইগাও জিলাৰ ডি এফ ও উত্তমানন্দ গোস্বামী, দিপক চৌধুৰীৰ লগতে বৰপেটাৰোড বনবিভাগৰ কৰ্মচাৰী সকলৰ লগতে আঞ্চলিক উন্নয়ন সমিতিৰ নিত্যাননদৰ সভাপতি মনোজ চৌধুৰী |
বনসংমণ্ডল বিষয়া গৰাকীয়ো আহ্বান জনায় গছ থাকিলে মানুহ থাকিব পৃথিবীৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে গছপুলি ৰোপন কৰাৰ বাবে আহ্বান জনায় |
বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত এই বাবে গছপুলি বিতৰণ কৰে যাতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে গছপুলিৰ মূল্য বুজি পায় |
প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈ নিজৰ ওপজা দিনত এটিকৈ গছপুলিৰোপন কৰিবলৈ আহ্বান জনায় বনবিষয়া দিপক চৌধুৰীয়ে |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা