
বঙাইগাঁও, ০৫ জুন (হি.স.)। আজি বিশ্ব পৰিবেশ দিৱস৷ পৃথিৱী খনক মাতৃতুল্য জ্ঞান কৰি প্ৰতিজোপা গছকে নিজৰ পুত্ৰ জ্ঞান কৰি বিগত ২৫ বছৰে এক অবিৰাম যাত্ৰা কৰি আহিছে বঙাইগাঁৱৰ এগৰাকী শিক্ষক তথা বৃক্ষবান্ধৱ বুদ্ধেশ্বৰ ৰায়ে। ১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাখালডুবীৰ পৰা তুলুঙীয়ালৈকে পথৰ দুয়োকাষ শুৱনি কৰি একক প্ৰচেষ্টাৰে ২০০১ চনৰ পৰা প্ৰায় এক লাখ গছপুলি ৰোপন কৰিছে বুদ্ধেশ্বৰ ৰায়ে।
বুদ্ধেশ্বৰ ৰায়ে এই অদম্য যাত্ৰাৰ সময়ছোৱাত এশ এবুৰি সমস্যাৰ সন্মুখীন হৈছে যদিও কেতিয়াও থমকি ৰোৱা নাই। প্ৰকৃতিপ্ৰেমী বুদ্ধেশ্বৰ ৰায়ে এই ২৫ বছৰীয়া যাত্ৰাত কেৱল গছপুলি ৰোপন কৰাই নহয় প্ৰতিজোপা গছপুলিক নিজ সন্তানৰ দৰে প্ৰতিপালন কৰি গঢ়ি তুলিছে একোজোপা পৈণত বৃক্ষলৈকে।
উল্লেখযোগ্য যে, ২৫ বছৰ অৰ্থাৎ ৯১২৫ দিনত গড় হিচাবত ১০টা পুলি ৰোপন কৰিলেও প্ৰায় ৯১ হেজাৰ ২৫০ টা পুলি ৰোপন কৰি পৃথিৱীখনক সেউজ কৰি তোলাৰ লক্ষেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ সেউজীয়া কৰি তুলিছে তেওঁ।এই দীঘলীয়া পৰিক্ৰমাত বাঁহ, নেট আদি ক্ৰয় কৰাৰ বাবেও নিজৰ গাথিৰ ধন খৰচ কৰিব লগা হৈছে তেওঁ৷ কিন্তু পৰিতাপৰ বিষয় যে কেৱল মানপত্ৰ আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰি দায়িত্ব সামৰিছে চৰকাৰ প্ৰশাসন তথা বিভিন্ন অনুষ্ঠানে। কিন্তু ইয়াৰ পিছতো থমকি নোৰোৱা বৃক্ষবান্ধৱ বুদ্ধেশ্বৰ ৰায়ে আজীৱন প্ৰকৃতিৰ সেৱা কৰি যাব বুলি সংকল্পৱদ্ধ হৈ নিজকে উৎসৰ্গিত কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ