সুৰহা তাল দেশৰ ১০০ সংখ্যক ৰামছাৰ স্থান হোৱাত প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ
নতুন দিল্লী, ০৫ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বলিয়া জিলাত অৱস্থিত জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্য (সুৰহা তাল)ক দেশৰ ১০০ সংখ্যক ৰামছাৰ স্থান হিচাপে স্বীকৃতি দিয়াত সন্তোষ প্ৰকাশ কৰে। জলাশয় আৰু প্ৰাকৃতিক পৰিবেশ সংৰক্ষ
आदर


उत्तर प्रदेश के बलिया स्थित जय प्रकाश नारायण पक्षी विहार (सुरहा ताल) को रामसर साइट का दर्जा दिया गया है।


নতুন দিল্লী, ০৫ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বলিয়া জিলাত অৱস্থিত জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্য (সুৰহা তাল)ক দেশৰ ১০০ সংখ্যক ৰামছাৰ স্থান হিচাপে স্বীকৃতি দিয়াত সন্তোষ প্ৰকাশ কৰে। জলাশয় আৰু প্ৰাকৃতিক পৰিবেশ সংৰক্ষণৰ প্ৰতি দেশৰ দায়বদ্ধতাৰ সাক্ষী বুলিও তেওঁ কয়।

শুকুৰবাৰে বিশ্ব পৰিবেশ দিৱসত এক এক্স-পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে যে সুৰহা তাল বহু পৰিভ্ৰমী আৰু স্থানীয় চৰাইৰ প্ৰধান বাসস্থান, ইয়াৰ পৰিৱেশগত গুৰুত্ব আৰু অধিক বৃদ্ধি কৰিছে। এই সাফল্যই ভাৰতৰ জলাশয় সংৰক্ষণৰ প্ৰচেষ্টাক বিশ্ব পৰ্যায়ত নতুন স্বীকৃতি প্ৰদান কৰিছে।

মোদীয়ে কয় যে শেহতীয়া বছৰবোৰত জলাশয়ৰ সংৰক্ষণ আৰু সজীৱতাৰ বাবে সম্প্ৰদায়ৰ অংশগ্ৰহণ, বিজ্ঞান, উদ্ভাৱন, আৰু জনসচেতনতাৰ ওপৰত ভিত্তি কৰি লোৱা পদক্ষেপসমূহ শক্তিশালী কৰা হৈছে। এই প্ৰচেষ্টাসমূহে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, পৰিৱেশ ভাৰসাম্য বজাই ৰখা, আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সেউজ ভৱিষ্যত নিশ্চিত কৰাত সহায় কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande