ড্ৰাগছ সৰবৰাহৰ সৈতে জৰিত থকাৰ অভিযোগত অসম আৰক্ষীৰ কনিষ্টবলক গ্ৰেপ্তাৰ
গুৱাহাটী, ০৫ জুন (হি.স.)। ড্ৰাগছ সৰবৰাহৰ সৈতে জৰিত থকাৰ অভিযোগত শুকুৰবাৰে গুৱাহাটীত এজন কৰ্মৰত অসম আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ কৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে। তেওঁৰ জিম্মাৰ পৰা নিষিদ্ধ কাহৰ চিৰাপ আৰু নিচাযুক্ত টেবলেট উদ্ধাৰ হোৱাটো
ড্ৰাগছ সৰবৰাহৰ সৈতে জৰিত থকাৰ অভিযোগত অসম আৰক্ষীৰ কনিষ্টবলক গ্ৰেপ্তাৰ


গুৱাহাটী, ০৫ জুন (হি.স.)। ড্ৰাগছ সৰবৰাহৰ সৈতে জৰিত থকাৰ অভিযোগত শুকুৰবাৰে গুৱাহাটীত এজন কৰ্মৰত অসম আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ কৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে। তেওঁৰ জিম্মাৰ পৰা নিষিদ্ধ কাহৰ চিৰাপ আৰু নিচাযুক্ত টেবলেট উদ্ধাৰ হোৱাটো নিশ্চিত কৰিছে কৰ্তৃপক্ষই। ড্ৰাগছ সৰবৰাহৰ সৈতে জৰিত আৰক্ষী কনিষ্টবল জনৰ ঘৰ হাজোত বুলি জানিব পৰা গৈছে।

অসম আৰক্ষীৰ ১৭ নং বেটেলিয়নৰ মিনাজুল আবেদিন নামৰ অভিযুক্ত জনক গড়চুক আৰক্ষী থানাৰ অভিযানকাৰী দলে নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মিনাজুল আবেদিনে কিছু বছৰ জুৰি অবৈধ ড্ৰাগছ ব্যৱসায়ত জৰিত থকাৰ অভিযোগ উত্থাপন হৈছে। তালাচী অভিযানৰ সময়ত আৰক্ষী বিষয়াসকলে প্ৰায় ৫৩,৬০০টা নিচাযুক্ত টেবলেট আৰু ১৫০০০ টা নিষিদ্ধ কাহৰ চিৰাপৰ বটল জব্দ কৰিব সক্ষম হয়।জব্দকৃত নিচাযুক্ত সামগ্ৰী সমূহৰ মুল্য আনুমানিক ১ কোটি টকা হব বুলি অনুমান কৰা হৈছে।

গ্ৰেপ্তাৰৰ পিছত অভিযুক্তৰ বিৰুদ্ধে ক্ষিপ্ৰ বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হয়। কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে আবেদিনক তাৎক্ষণিকভাৱে কাৰ্যকৰীভাৱে আৰক্ষী বিভাগৰ পৰা বৰ্খাস্ত কৰা হৈছে।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, নিচাযুক্ত দ্ৰব্যৰ নেটৱৰ্কৰ পৰিসৰ নিৰ্ণয় কৰাৰ লগতে সৰবৰাহৰ সৈতে জড়িত থকা আন ব্যক্তিক চিনাক্ত কৰাৰ বাবে অধিক তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande