অসম কেবিনেটৰ সম্প্ৰসাৰণ, ১২ বিধায়কৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ
গুৱাহাটী, ০৫ জুন (হি.স.)। দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই শুকুৰবাৰে অসম কেবিনেট সম্প্ৰসাৰণ কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰৰ মন্ত্ৰী হিচাপে এন ডি এৰ ১২ গৰাকী বিধায়কে আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । এই সম্প্ৰসাৰ
Image of the Assam Cabinet after Expansion.


গুৱাহাটী, ০৫ জুন (হি.স.)। দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই শুকুৰবাৰে অসম কেবিনেট সম্প্ৰসাৰণ কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰৰ মন্ত্ৰী হিচাপে এন ডি এৰ ১২ গৰাকী বিধায়কে আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । এই সম্প্ৰসাৰণৰ লগে লগে প্ৰস্তাৱিত ১৯ জনীয়া মন্ত্ৰীসভাৰ ১৭টা পদ এতিয়ালৈকে পূৰণ কৰা হৈছে।

নৱনিযুক্ত মন্ত্ৰীসকলৰ ভিতৰত ১১জন ভাৰতীয় জনতা পাৰ্টিৰ, আনহাতে এজন মিত্ৰ অসম গণ পৰিষদ (অগপ)ৰ। জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সকলো মন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়।

শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত আছে ড° ৰানোজ পেগু, অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী, পীয়ুষ হাজৰিকা, অশোক সিংঘল, কৃষ্ণেন্দু পাল, নিলিমা দেৱী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, বিমল বৰা, সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্ত। কেশৱ মহন্ত অগপৰ একমাত্ৰ বিধায়ক, বাকীসকল বিজেপিৰ।

উল্লেখযোগ্য যে শপতগ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত চাৰিগৰাকীক প্ৰথমবাৰৰ বাবে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। মিত্ৰ দল অসম গণ পৰিষদৰ মন্ত্ৰীসভাত এতিয়া দুজন প্ৰতিনিধি অতুল বৰা আৰু কেশৱ মহন্ত। একেদৰে এন ডি এৰ আন এটা মিত্ৰ বি পি এফক প্ৰতিনিধিত্ব কৰিছে চৰণ বড়োৱে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande