
নতুন দিল্লী, ০৫ জুন (হি.স.)। অষ্ট্ৰেলিয়াৰ হাইপাৰস্কেল ডাটা চেণ্টাৰ কোম্পানী এয়াৰট্ৰাংকে ভাৰতত প্ৰায় ৩ লাখ কোটি টকা বিনিয়োগ আৰু ৫ গিগাৱাট ডাটা চেণ্টাৰ ক্ষমতা বিকাশৰ পৰিকল্পনা ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এয়াৰট্ৰাংকৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে হোৱা বৈঠকৰ ফটো শ্বেয়াৰ কৰি কয় যে ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিৰ যাত্ৰা দ্ৰুতগতিত আগবাঢ়িছে। এয়াৰট্ৰাংকে প্ৰায় ₹৩ লাখ কোটি বিনিয়োগৰ কথা ঘোষণা কৰিছে আৰু ভাৰতত ৫ গিগাৱাট ডাটা চেণ্টাৰ ক্ষমতা বিকাশ কৰাৰ পৰিকল্পনা কৰিছে। দেশৰ ডিজিটেল আন্তঃগাঁথনি খণ্ডত প্ৰস্তাৱিত বৃহৎ বিনিয়োগৰ ভিতৰত এয়া অন্যতম।
তেওঁ কয় যে এই বিনিয়োগে ক্লাউড কম্পিউটিং আৰু কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ ক্ষেত্ৰত ভাৰতৰ বিশ্বব্যাপী স্থান আৰু অধিক শক্তিশালী কৰিব। ইয়াৰ উপৰিও ই বৃহৎ পৰিসৰৰ নিয়োগৰ সুযোগ সৃষ্টি কৰিব, স্থানীয় যোগান শৃংখলক উন্নীত কৰিব, আৰু উদ্ভাৱন-চালিত বৃদ্ধি ত্বৰান্বিত কৰিব।
মোদীয়ে কয় যে ভাৰত বিশ্বৰ ডিজিটেল অৰ্থনীতিৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু ভাৰতত বিশ্ব ডিজিটেল অৰ্থনীতিৰ ভৱিষ্যত যে দ্ৰুতগতিত গঢ় লৈ উঠিছে সেয়া স্পষ্ট।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া