
শিৱসাগৰ, ০৫ জুন (হি.স.)। আজি বিশ্ব পৰিবেশ দিৱস। বিশ্ব পৰিবেশৰ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা দল সংগঠনে আয়োজন কৰিছে অনুষ্ঠানৰ। কিন্তু ইয়াৰ মাজতে ব্যতিক্ৰমী শিৱসাগৰৰ এজন ব্যক্তি।
পিতা-পুত্ৰই প্ৰকৃতি ৰক্ষাৰ বাবে নীৰৱে চলাই গৈছে সাধনা। লোকচক্ষুৰ আঁৰত থাকি প্ৰকৃতাৰ্থত অব্যাহত ৰাখিছে প্ৰকৃতি ৰক্ষাৰ অভিযান।
শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত মাণিক ক্লথ স্তৰৰ স্বত্বাধিকাৰী পংকজ আগৰৱাল আৰু তেওঁৰ তেৰ বছৰীয়া পুত্ৰই ২০১২ চনৰ পৰাই শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত গছপুলি ৰোপণ কৰাই নহয় গছপুলি সমূহ প্ৰতিপালন কৰি আহিছে।
প্ৰতিদিনে পুৱা পিতা-পুত্ৰৰ বাবে গছপুলি ৰোপণ কৰাটো এক নিৰ্দ্ধাৰিত কাৰ্য্যসূচী। সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে পংকজ আগৰৱাল আৰু তেওঁৰ পুত্ৰই গছপুলি ৰোপণ কৰি সমাজলৈ বাৰ্তা প্ৰেৰণ কৰি আহিছে।
হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত পংকজ আগৰৱালৰ ভাষ্য -জুবিনদাই যদি গছ কটাৰ আগতে মোক কাটক বুলি কব পাৰে আমি কিয় নোৱাৰো।
পংকজ আগৰৱালৰ মতে ছেলফি মাৰিবলৈ আমি হাজাৰ হাজাৰ টকা খৰচ কৰি ঠাই বিচাৰি ঘূৰি ফুৰিব নালাগে ।নিজৰ আপোন ঠাইতে এনে পৰিবেশ সকলোৱে গঢ়ি তুলিব পাৰে।
বিশ্ব পৰিবেশ দিৱসৰ দিনটোত সকলোকে শুভেচ্ছা জনাই পংকজ আগৰৱালে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত সকলোকে সজাগ হব
লৈ আহ্বান জনাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু