
গুৱাহাটী, ০৫ জুন (হি.স.)। অসম চৰকাৰৰ মন্ত্ৰীৰূপে আজি শুকুৰবাৰে শপত ল’লে ১২গৰাকী বিধায়কে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই ১২ জনীয়া মন্ত্ৰীসভাই আজি দিনৰ ১২-৪৫ বজাত জ্যোতি- বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজন কৰা শপতগ্ৰহণ অনুষ্ঠানত লয় শপত । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আটাইকেইগৰাকী নৱ-নিযুক্ত মন্ত্ৰীক শপতবাক্য পাঠ কৰোৱায়।
আজি মন্ত্ৰীৰূপে শপত ল’লে অশ্বিনী ৰায় সৰকাৰ, বিমল বড়া, অশোক সিংহল, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযূষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে। জ্যোতি-বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হৈছিল এই ১২ মন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান ।
আজিৰ শপতগ্ৰহণ অনুষ্ঠানত অসমীয়া ভাষাতে শপত ল’লে অশ্বিনী ৰায় সৰকাৰ, অশোক সিংহল আৰু বিশ্বজিৎ দৈমাৰীয়ে। সংস্কৃত ভাষাত শপত ল’লে বিমল বড়াই । ইফালে হিন্দী ভাষাত শপত ল’লে কৌশিক ৰায়ে ।
উল্লেখ্য যে ১২ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহিতে শপত লৈছিল ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৱে। মুখ্যমন্ত্ৰীসহ ১৭গৰাকীলৈ বৃদ্ধি পালে কেবিনেট মন্ত্ৰীৰ সংখ্যা। এইবাৰৰ হিমন্ত বিশ্ব শর্মা মন্ত্ৰীসভাত স্থান পালে ৫গৰাকী নতুন মন্ত্ৰীয়ে। নতুনকৈ মন্ত্ৰীসভাত স্থান পালে ৰামেশ্বৰ তেলী, নীলিমা দেৱী, সুশান্ত বৰগোহাঁই, অশ্বিনী ৰায় সৰকাৰে। আনহাতে পূৰ্বৰ পঞ্চদশ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এইবাৰ মন্ত্ৰীসভাত স্থান পালে।
এনেদৰে ব্যাপক জল্পনা- কল্পনাৰ অন্ত পেলাই সম্প্ৰসাৰিত হ’ল অসম মন্ত্ৰীসভা । এই সম্প্ৰসাৰিত হ’বলগা ১৯ জনীয়া মন্ত্ৰীসভাৰ এতিয়ালৈকে ১৭ টা পদ পূৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে । ইয়াৰ উপৰিও মন্ত্ৰীসভাৰ আৰু ২ টা পদ এতিয়াও খালি আছে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী