তেজপুৰ বিশ্ববিদ্যালয়ত অসম সাহিত্য সভাৰ শাখা গঠন
–তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালৰ দুশ গৰাকীৰ সভাৰ স্হায়ী সভ্য পদ গ্ৰহণ –অসম সাহিত্য সভাই এখন আসোঁৱাহমুক্ত পূৰ্ণাংগ অভিধান প্ৰকাশ কৰাৰ আহ্বান তদানীন্তন কাৰ্যবাহী উপাচাৰ্য্য অধ্যাপক ড০ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য্যৰ শোণিতপুৰ, ০৪ জুন (হি.স.)। তেজপুৰ বিশ্ব
তেজপুৰ বিশ্ব বিদ্যালয়ত অসম সাহিত্য সভাৰ শাখা গঠন  তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালৰ দুশ গৰাকীৰ সভাৰ স্হায়ী সভ্য পদ গ্ৰহণ


–তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালৰ দুশ গৰাকীৰ সভাৰ স্হায়ী সভ্য পদ গ্ৰহণ

–অসম সাহিত্য সভাই এখন আসোঁৱাহমুক্ত পূৰ্ণাংগ অভিধান প্ৰকাশ কৰাৰ আহ্বান তদানীন্তন কাৰ্যবাহী উপাচাৰ্য্য অধ্যাপক ড০ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য্যৰ

শোণিতপুৰ, ০৪ জুন (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক ছাত্ৰ আৰু কৰ্মচাৰী সকলৰ উপস্থিতিত বিশ্ববিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ চেমিনাৰ হলত অনুষ্ঠিত হোৱা এক সাধাৰণ সভাত তেজপুৰ বিশ্ববিদ্যালয় শাখা সাহিত্য সভা নামেৰে অসম সাহিত্য সভাৰ এক শাখা গঠন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত সাধাৰণ সভাখনত সভাপতিত্ব কৰে বিশ্ববিদ্যালয় খনৰ তদানীন্তন কাৰ্যবাহী উপাচাৰ্য তথা কম্পিউটাৰ বিজ্ঞান বিভাগৰ অধ্যাপক ড০ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই। সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ হৈ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথ, অসম সাহিত্য সভাৰ প্ৰচাৰ উপ সমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কুমাৰ নাথ আৰু প্ৰকাশন উপসমিতিৰ ড০ বিনীতা বৰা দেৱ চৌধুৰীয়ে অংশ গ্ৰহণ কৰে।

গৱেষক ছাত্ৰ উদ্দীপন হাজৰিকাই আঁত ধৰা সভাখনত আলোচনাত ভাগ লৈ ড০ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই অসমৰ জাতীয় বিকাশত অসম সাহিত্য সভাৰ ভূমিকা আৰু গুৰুত্ব সম্পৰ্কত আলোকপাত কৰাৰ লগতে অসম সাহিত্য সভাই এখন আসোঁৱাহমুক্ত পূৰ্ণাংগ অভিধান প্ৰকাশৰ ব্যৱস্থা কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কত নিজা মতামত ব্যক্ত কৰে । তাৰোপৰি 'অপ্টিকেল কেৰেক্টাৰ ৰিকগ্নিচন' আদি প্ৰযুক্তিৰ আলম লৈ অসমৰ সাহিত্য জগতৰ নিৰ্বাচিত গ্ৰন্থ, আলোচনী, পুৰণি পাণ্ডুলিপি আদি ডিজিটেল মাধ্যমেৰে সংৰক্ষণৰ ব্যৱস্থা কৰিলে সাহিত্য জগতৰ সম্পদ সমূহ সুৰক্ষিত হোৱাৰ লগতে বিভিন্ন প্ৰজন্মৰ পঢ়ুৱৈ সকলে পঢ়াৰ সুবিধা পাব বুলিও লগতে মন্তব্য কৰে।

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ হৈ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথে অসম সাহিত্য সভাৰ শাখা গঠনৰ সাংবিধানিক নিয়মাৱলী সম্পৰ্কত সবিস্তাৰে সভাক অৱগত কৰাৰ পিছত অসম সাহিত্য সভাৰ প্ৰচাৰ উপসমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কুমাৰ নাথে বিশ্ববিদ্যালয়খনৰ বিভিন্ন স্তৰৰ প্ৰায় দুশ গৰাকী ব্যক্তিয়ে সভাৰ স্থায়ী সভ্যপদ গ্ৰহণ কৰাটো এক বিশেষভাবে উল্লেখনীয় কথা বুলি অসম সাহিত্য সভাৰ মজিয়াখনলৈ সকলোকে আদৰণি জনোৱাৰ লগতে অসমৰ ভাষা সাহিত্য, কলা সংস্কৃতি আৰু সামাজিক উত্তৰণৰ বাবে কাম কৰি অহা অসম সাহিত্য সভাই তেজপুৰ বিশ্ববিদ্যালয় শাখাৰ জৰিয়তে সংশ্লিষ্ট দিশত বিশ্ববিদ্যালয়খনৰ বৌদ্ধিক মহল তথা যুৱ শক্তিৰ নতুন চিন্তা তথা দিক নিৰ্দেশনা আদি লাভ কৰাৰ বাট উন্মোচিত হোৱা বুলি মন্তব্য কৰে। পিতৃ মাতৃ তথা অভিভাৱক সকলে মাতৃ ভাষাৰূপী আইৰ মুখৰ ভাষাটো নিজৰ উত্তৰ প্ৰজন্মলৈ কঢ়িয়াই নিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰাটো আজিৰ সময়ৰ জৰুৰী দাবী বুলি উল্লেখ কৰি এইক্ষেত্ৰত সকলোকে সচেতন হোৱাৰ বাবে তেওঁ ভাষণ প্ৰসংগত বিশেষভাৱে আহ্বান জনায়।

বিশ্ববিদ্যালয় খনৰ জ্যেষ্ঠ অধ্যাপক ৰবিন কুমাৰ দত্তই আলোচনাত অংশলৈ আজি কালি বহু অসমীয়া লেখক লেখিকাৰ সতি সন্ততিয়ে আমাৰ মাতৃ ভাষা পঢ়িব নজনা বুলি আক্ষেপ কৰাৰ লগতে গুণগত গ্ৰন্থ প্ৰকাশত সকলোৱে গুৰুত্ব আৰোপ কৰা উচিত বুলি মন্তব্য কৰে। একেদৰে তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ সভাপতি কুসুম কুমাৰ বনিয়াই নিজা বক্তব্যত আমি নিজৰ মাতৃভাষা সুৰক্ষিত কৰিব নোৱাৰিলে নিজকে অসমীয়া বুলি কোৱাৰ অধিকাৰ নাই বুলি উল্লেখ কৰে। ড০ ভীম প্ৰসাদ শৰ্মা, ড০ বিবেক মেহতা, নিপু বৰুৱা, ড০ ৰূপম কটকী, সপোন গোস্বামী ড০ মৃদুল দত্ত আদি বহু কেইবা গৰাকীয়ে আলোচনাত অংশ লৈ বিশ্ববিদ্যালয়ৰ মজিয়াত শাখা সাহিত্য সভাৰ শাখা একোটিয়ে ভাষা সাহিত্যৰ বিকাশ আৰু গৱেষণাৰ দিশত সমাপন কৰিব পৰা কাম কাজ সম্পৰ্কত বিশেষভাৱে আলোকপাত কৰাৰ লগতে শিল্পী জুবিন গাৰ্গৰ উদ্ধৃতিৰে কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে বুলি মত প্ৰকাশ কৰে।

বিশ্ববিদ্যালয়খনৰ সংকট কালত অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, প্ৰধান সম্পাদক দেৱজিৎ বৰাকে ধৰি অসম সাহিত্য সভাৰ নেতৃত্বই গ্ৰহণ কৰা বলিষ্ঠ ভূমিকাৰ বাবে ড০ ৰূপম কটকী, উদ্দীপন হাজৰিকাকে ধৰি বিভিন্নজনে নিজা নিজা বক্তব্যত সভাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। তেজপুৰ বিশ্ববিদ্যালয়ৰ ড০ উৎপল বৰা, ড০ জয়ন্ত কুমাৰ শৰ্মা, অনন্যা বনজ্যোৎস্না, ড০ গৌতম কুমাৰ শৰ্মা, ড০ . ৰুলী বৰা , পাৰ্থ প্ৰতীম চৌধুৰী, ড০ শুভ্ৰা দেৱী, ড০ পল্লৱী ঝা, তনয় কুমাৰ নেওগ, উপাসনা বৰা, প্ৰীতিমালা বসুমতাৰী, বিদ্যুৎ বিকাশ বৰা, ৰেখাৰাণী বেজবৰুৱা, ঝৰ্ণালী শৰ্মা বৰকটকী, ভাৰত দেৱ, দীপক শৰ্মা, কুনাল শৰ্মা, দীপক গগৈ, মনজিৎ তামূলী আদি যথেষ্ট সংখ্যক অধ্যাপক অধ্যাপিকা, বিষয়া -কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থকা সভাখনত ড ৰূপম কটকীক সভাপতি, ড০ ৰাজীৱ গোস্বামীক উপ সভাপতি আৰু গৱেষক ছাত্ৰ উদ্দীপন হাজৰিকাক সম্পাদক হিচাপে লৈ শাখাটোৰ এখনি ২১ জনীয়া কাৰ্যকৰী সমিতি গঠন কৰা লগতে শাখাটোৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ উদ্দেশ্যে অসম সাহিত্য সভাৰ সংবিধানৰ আধাৰত প্ৰকাশন সমিতি, যুৱ সংসদ, ৰামধেনু, আকাশ ,কুঁহি, অনুবাদ প্ৰকল্প আদি বহু কেইখন উপসমিতিও গঠন কৰা হয়। সভাত উপস্থিত সকলোকে নৱ নিৰ্বাচিত সম্পাদক উদ্দীপন হাজৰিকাই শলাগ জ্ঞাপন কৰাৰ অন্তত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ সমাপ্তি ঘটে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande