
বজালী, ০৪ জুন (হি.স.)। মাৰ বাবে এজোপা গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ। বিশ্ব পৰিবেশ দিৱস উপলক্ষে পাঠশালাৰ বিৰবিৰাত বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে অসম বিধান সভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে। ৫ জুন বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰিবেশ সংৰক্ষণ, সেউজীয়া পৰিৱেশ গঢ় দিয়া আৰু সমাজত বৃক্ষৰোপণৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে বঙাইগাঁও সামাজিক বণানীকৰণ বন সংমণ্ডলৰ উদ্যোগত তথা বৰপেটাৰোড বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত “মাৰ বাবে এজোপা গছপুলি” শীৰ্ষক এক বিশেষ বৃক্ষৰোপণ কাৰ্যসূচীৰ আজি পুৱাই শুভাৰম্ভ কৰা হয়।
বজালী জিলাৰ পাঠশালাৰ বিৰবিৰা অঞ্চলত আয়োজিত এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে অসম বিধান সভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে। অনুষ্ঠানত উপস্থিত থাকি তেওঁ বৃক্ষৰোপণ কৰি পৰিবেশ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে বক্তব্য আগবঢ়ায়। তেওঁ কয় যে, বিশ্ব উষ্ণায়ন, বনাঞ্চল ধ্বংস আৰু পৰিবেশ প্ৰদূষণৰ দৰে সমস্যাই সমগ্ৰ বিশ্বক উদ্বিগ্ন কৰি তোলাৰ সময়ত অধিক সংখ্যক গছপুলি ৰোপণ আৰু সংৰক্ষণ কৰাটো সময়ৰ দাবী হৈ পৰিছে।
বিশেষকৈ নিজৰ মাক সন্মান জনোৱাৰ উদ্দেশ্যে এক অনন্য প্ৰয়াস হিচাপে “মাৰ বাবে এজোপা গছপুলি”ৰোপন কাৰ্যসূচীয়ে সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, এটা গছ কেৱল পৰিবেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰতেই নহয়, মানৱ জীৱনৰ অস্তিত্ব ৰক্ষাৰ বাবেও অপৰিহাৰ্য।
সেয়ে প্ৰতিজন নাগৰিকে নিজৰ জন্মদিন, বিশেষ দিন অথবা প্ৰিয়জনৰ স্মৃতিত অন্ততঃ এজোপাকৈ গছপুলি ৰোপণ কৰি ইয়াৰ যত্ন লোৱাৰ দায়িত্ব গ্ৰহণ কৰা উচিত। অনুষ্ঠানত সহযোগিতা আগবঢ়ায় বিশিষ্ট পৰিবেশ কৰ্মী আনন্দ খাটনিয়াৰে। তেওঁ বৃক্ষৰোপণৰ জৰিয়তে পৰিবেশ সংৰক্ষণ আন্দোলনক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ কয় যে, গছপুলি ৰোপণ কৰাটোৱেই যথেষ্ট নহয়, ইয়াক সঠিকভাৱে লালন-পালন কৰি ডাঙৰ কৰাটোও সমানেই জৰুৰী। অনুষ্ঠানত বন বিভাগৰ বিষয়ববীয়া, স্থানীয় ব্যক্তি, সমাজকৰ্মী, বহু সংখ্যক সচেতন নাগৰিকে অংশগ্ৰহণ কৰে। উপস্থিত সকলে পৰিবেশ সুৰক্ষা আৰু সেউজীয়া অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰাৰ লগতে আগন্তুক দিনসমূহতো বৃহৎ পৰিসৰত বৃক্ষৰোপণ অভিযান চলাই নিয়াৰ আহ্বান জনায়।
বিশ্ব পৰিবেশ দিৱস উপলক্ষে গ্ৰহণ কৰা “মাৰ বাবে এজোপা গছপুলি” কাৰ্যসূচীয়ে পৰিবেশ সংৰক্ষণৰ লগতে মাতৃৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ এক অনন্য নিদৰ্শন স্থাপন কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু