
শোণিতপুৰ, ০৪ জুন (হি.স.)। শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ চাৰিদুৱাৰৰ তৰাজানত বনৰীয়া হাতীৰ উপদ্ৰৱ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা বনৰীয়া হাতীৰ জাকে গাঁৱখনত প্ৰৱেশ কৰি দুটাকৈ বাসগৃহ ভাঙি উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে । হাতী অহাৰ উমান পাই পৰিয়ালৰ লোকসকল কোনোমতে পলাই যাবলৈ সক্ষম হয় যদিও পৰিয়াল কেইটাৰ পাকঘৰ, ভৰাল ঘৰৰ লগতে আন এটি বাসগৃহ সম্পূৰ্ণৰূপে তচনচ কৰাৰ লগতে এঘৰৰ কঠিয়াৰ ধান খায় তহিলং কৰে ।
পাছত গঞা ৰাইজে কোনো মতে হাতী কেইটা খেদি পঠিয়াবলৈ সক্ষম হয় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু