কাছাৰৰ বৰখলাত সংঘটিত পথ দুৰ্ঘটনাত ডাম্পাৰে মহটিয়াই নিলে দুজন বাইক আৰোহীক
কাছাৰ, ০৪ জুন (হি.স.)। কাছাৰৰ বৰখলাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে দুজন বাইক আৰোহী যুৱকক। গুৰুতৰ ভাবে আহত হয় বাইক আৰোহী দুজন। উক্ত দুৰ্ঘটনা সংঘটিত হৈছে শিলচৰ- হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ কচুখালত । স্থানীয় লোক
কাছাৰৰ বৰখলাত সংঘটিত পথ দুৰ্ঘটনাত ডাম্পাৰে মহটিয়াই নিলে দুজন বাইক আৰোহীক


কাছাৰ, ০৪ জুন (হি.স.)। কাছাৰৰ বৰখলাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে দুজন বাইক আৰোহী যুৱকক। গুৰুতৰ ভাবে আহত হয় বাইক আৰোহী দুজন। উক্ত দুৰ্ঘটনা সংঘটিত হৈছে শিলচৰ- হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ

কচুখালত ।

স্থানীয় লোকে আহত বাইক আৰোহী দুজনক উদ্ধাৰ কৰি বৰখলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ যায় । কিন্তু দুয়োজনৰ অৱস্থা গুৰুতৰ হোৱা বাবে চিকিৎসকে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালয়লৈ প্ৰেৰণ কৰে। আহত বাইক আৰোহী দুজন ১৯ বছৰীয়া কবিৰ হুছেইন লস্কৰ আৰু ১৭ বছৰীয়া কবিৰ আহমেদ লস্কৰ বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande