তেজপুৰত দুদিনীয়াকৈ তেজপুৰ লিচু উৎসৱ -২০২৬ ৰ বৰ্ণাঢ্য আয়োজন
–তেজপুৰত প্ৰথম উন্নত জাতৰ লিচু পুলিৰ ৰোপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ হ''ব দুদিনীয়া বিস্তৃত কাৰ্যসূচী –লিচু বিষয়ক তথ্য চিত্ৰ প্ৰদৰ্শন ,লিচু প্ৰদৰ্শনী আৰু বিক্ৰী,খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক বিশেষ অনুষ্ঠান
তেজপুৰত দুদিনীয়াকৈ তেজপুৰ লিচু উৎসৱ -২০২৬ ৰ বৰ্ণাঢ্য আয়োজন


–তেজপুৰত প্ৰথম উন্নত জাতৰ লিচু পুলিৰ ৰোপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ হ'ব দুদিনীয়া বিস্তৃত কাৰ্যসূচী

–লিচু বিষয়ক তথ্য চিত্ৰ প্ৰদৰ্শন ,লিচু প্ৰদৰ্শনী আৰু বিক্ৰী,খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক বিশেষ অনুষ্ঠান

–উন্মোচন হ'ব লিচু বিষয়ক গ্ৰন্থ -সম্বৰ্ধিত হ'ব লিচু খেতিয়ক

–লিচু উদ্যোগী গঢ়ি তোলাৰ বিশেষ অনুষ্ঠান

–উন্মোচন হ'ব ভাৰতীয় ডাক বিভাগৰ বিশেষ কভাৰ

–লিচু বাগিছা পৰিভ্ৰমণৰ কাৰ্যসূচী - লিচু ৰন্ধন শৈলীৰ আশ্বাদন আৰু প্ৰদৰ্শনৰ ব্যৱস্থা

শোণিতপুৰ, ০৪ জুন (হি.স.)। তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰচাৰ -প্ৰসাৰৰ অৰ্থে তেজপুৰ লিচু উৎসৱ -২০২৬ বৰ্ণাঢ্য আয়োজন কৰা হৈছে । ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰচাৰ -প্ৰসাৰৰ লগতে নতুন প্ৰজন্মৰ মাজত অধিক হাৰত লিচু খেতি কৰিব পৰাৰ লক্ষ্যৰ লগতে ইতিমধ্যে ভৌগোলিক স্বীকৃতি (জি আই )প্ৰদান কৰাৰ পিছত কৃষক সকলৰ বাবে প্ৰত্যক্ষ বজাৰ সংযোগ স্থাপন কৰা আৰু প্ৰগতিশীল কৃষক আৰু কৃষি উদ্যোক্তা সকলক স্বীকৃতি প্ৰদানৰ মানসেৰে অহা ৬ আৰু ৭ জুনত তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই লিচু উৎসৱ। এই দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী ঘোষণা কৰিছে উদযাপন সমিতিয়ে ।

তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰু পুথিভঁৰাল প্ৰাংগনৰ লগতে আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা এই লিচু উৎসৱত ৫০ গৰাকীতকৈ অধিক প্ৰদৰ্শক, প্ৰায় ৩০ গৰাকী কৃষক আৰু কৃষক উৎপাদক সংগঠন আৰু অন্ততঃ ২০ গৰাকী দেশী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশ গ্ৰহণ কৰিব । শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিভাগ, তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয় ,অসম কৃষি বিশ্ববিদ্যালয়, ভাৰতীয় সেনা অৰ্থাৎ সেনা বাহিনীৰ চতুৰ্থ কৰ্পচ, ভাৰতীয় ডাক বিভাগ, এ পি ই ডি এ, শোণিতপুৰ জিলা ৰেডক্ৰছ চচাইটি, ৰিভট্ৰা, নাবাৰ্ড, নেৰামেক, এক্সিম বেংক, আই চি এ আৰ, এলছিছাৰ ইম্পেক্ট ,পেন্টাগ্ৰাম আদি অনুষ্ঠানৰ সহযোগত ৰাজ্যখনৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব লগা দুদিনীয়া এই বৰ্ণাঢ্য কাৰ্যসূচীত ৬ জুনত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ'ব উদ্বোধনী অধিৱেশন।

তেজপুৰত উন্নতজাতৰ লিচুৰ প্ৰথম গৰাকী ৰোপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি, বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হ'ব লগা উদ্বোধনী অধিৱেশনত আদৰণি ভাষণ আগবঢ়াব উদযাপন সমিতিৰ সভাপতি তথা শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে । এই উদ্বোধনী অনুষ্ঠানতে লিচু সম্পকীয় বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন হ'ব । আনহাতে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিব শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই । বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰিব জিলাখনৰ বিধায়ক ক্ৰমে অশোক সিংহল, পৃথ্বিৰাজ ৰাভা, পদ্ম হাজৰিকা, ঋতুবৰণ শৰ্মা আৰু কৃষকমল তাঁতীয়ে । বিশেষ অতিথি ৰূপে অংশ গ্ৰহণ কৰিব সেনাবাহিনীৰ গজৰাজ কৰ্পচৰ জেনেৰেল কামাণ্ডিং বিষয়া লেফটেনেণ্ট জেনেৰেল নিৰজ শুক্লা, অসম চৰকাৰৰ কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজোৰিয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ দ্বিপজ্যোতি ৰাজখোৱা, তেজপুৰ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস, অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক ৰাতুল চন্দ্ৰ পাঠক, উদ্যান শস্য বিভাগৰ সঞ্চালক নৃপেন চন্দ্ৰ দাস, ডাক বিভাগৰ অসম চক্ৰৰ মুখ্য ডাক মহা পৰিচালক অৰবিন্দ বাৰ্মা, নাবাৰ্ডৰ মুখ্য মহা প্ৰবন্ধক লোকেন দাস, এ পি ই ডি এৰ আঞ্চলিক প্ৰধান সন্দিপ সাহা, নেৰামেকৰ পৰিচালন সঞ্চালক ভাস্কৰ বৰুৱা, ডিফু সমষ্টিৰ সাংসদ অমৰ সিং টিছো, পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা আৰু পৰ্যটন উন্নয়ন নিগমৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰাই ।

ইয়াৰ পিছতেই তেজপুৰ লিচু মহোৎসৱৰ ডাক বিভাগৰ বিশেষ কভাৰ উন্মোচনী অনুষ্ঠান আৰু লিচু বিষয়ক বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ লগতে লিচু কৃষকসকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ পিছতেই প্ৰদৰ্শনী সহ ক্ৰয়-বিক্ৰয় স্থলী উদ্ঘাটন আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰথম দিনটোতে ‘এলছিছাৰ ইম্পেক্ট’ শীৰ্ষক স্বেচ্চাসেৱী অনুষ্ঠানৰ দ্বাৰা লিচু উদ্যোগী গঢ়ি তোলাৰ বিশেষ আলোচনা অনুষ্ঠানৰ উপৰি বিয়লি কাৰিকৰী অধিৱেশনৰ পিছত সত্ৰীয়া নৃত্য আৰু লোক সংগীতৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব । সেইদৰে দ্বিতীয় দিনা অৰ্থাত ৭ জুন তাৰিখে পুৱা ১০ বজাৰ পৰা ‘খাদ্য প্ৰযুক্তি আৰু লিচু’ শীৰ্ষক বিশেষ অনুষ্ঠানৰ পিছতেই লিচু ৰোপণ আৰু জি আই সুবিধাসমূহৰ ওপৰত এখন গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত হ'ব ।

আনহাতে দিনৰ ২ বজাৰ পৰা আকৰ্ষণীয় লিচু বাগিচা পৰিভ্ৰমণ কাৰ্যসূচী অনুষ্ঠিত হ'ব উক্ত দিনা । বিয়লি ৪ বজাৰ পৰা লিচু ৰন্ধন-শৈলীৰ আশ্বাদন আৰু প্ৰদৰ্শন শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচীৰ পিছত সন্ধিয়া ৫ বজাৰ পৰা সামৰণি অনুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠানেৰে দুদিনীয়া কাৰ্যসূচীৰ অন্ত পৰিব । উল্লেখ্য যে এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী সফলকাম কৰি তুলিবলৈ জিলা আয়ুক্ত তথা উদযাপন সমিতিৰ সভাপতি আনন্দ কুমাৰ দাসে সকলো দিশ পৰ্যবেক্ষণ কৰাৰ পিছত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande