
শোণিতপুৰ, ০৪ জুন (হি.স.) । তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে অহা ২০ জুনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস অৰ্থাৎ বিষ্ণু ৰাভা দিৱসৰ দিনটোত দৰং জিলাৰ ছিপাঝাৰৰ প্ৰসিদ্ধ লোক সংগীতৰ শিল্পী, সুকনানি ওজাপালি আৰু দেওধনী নৃত্যৰ সিদ্ধহস্ত শিল্পী দ্ৰোণ ভূঞাক প্ৰদান কৰিব বাণ থিয়েটাৰৰ প্ৰবীণ বৰা সোঁৱৰণী বাণ থিয়েটাৰ লোকশিল্পী বঁটা ।
উল্লেখ্য কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ পৰিয়ালে কলাগুৰু গৰাকীৰ স্মৃতি দিৱসৰ দিনটোত ৰাজ্যখনৰ লোকশিল্পী সকললৈ বাণ থিয়েটাৰ লোকশিল্পী বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত বিগত সময়ত বিশিষ্ট কামৰূপী লোকগীতৰ শিল্পী ধনদা পাঠক আৰু প্ৰসিদ্ধ বিহুনামৰ শিল্পী বিপুল চেতিয়া ফুকনক এই বঁটা প্ৰদান কৰাৰ পিছত এইবাৰ তৃতীয়বাৰৰ বাবে ২০২৪ চনত পদ্মশ্ৰী বঁটাৰে বিভূষিত হোৱা দৰং জিলাৰ ছিপাঝাৰৰ সাতঘৰীয়া গাৱঁৰ নমস্য সুকনানি ওজাপালি আৰু দেওধনী নৃত্যৰ শিল্পী দ্ৰোণ ভূঞাক এই বঁটা প্ৰদানৰ সিদ্ধান্ত কৰে ।
উল্লেখ্য যে চহকী দৰঙী কলা -কৃষ্টিক শুদ্ধ ৰূপত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কৃচ্ছ্ৰ সাধনা অব্যাহত ৰখা বৰ্ষিয়ান শিল্পী দ্ৰোণ ভূঞাৰ অনবদ্য পৰিৱেশন শৈলীয়ে দেশ-বিদেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । নতুন প্ৰজন্মৰ মাজত এই লোক কলা জীয়াই ৰাখিবলৈ ২০০৯ চনতে নিজ বাসগৃহতে পাৰম্পৰিক ৰং -কলা কেন্দ্ৰ নামৰ প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলি এক মহৎ পদক্ষেপ গ্ৰহণ কৰি অহা লোকশিল্পী ভূঞাই দেশৰ অন্যতম অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰাৰ লগতে অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা ,অসম গৌৰৱ বঁটা, দৰং শিৰোমণি বঁটাকে ধৰি যথেষ্ট বঁটা বাহনৰ লগতে বিভিন্ন অনুষ্ঠানৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।
অহা ২০ জুন তাৰিখে বাণ থিয়েটাৰত সন্ধিয়া ৬ -৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা বিষ্ণু ৰাভা দিৱসৰ বিশেষ স্মৃতিচাৰণ আৰু সাংস্কৃতিক অনুষ্ঠানত কলাগুৰু গৰাকীৰ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ লগতে বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত প্ৰবীণ বৰা সোঁৱৰণী এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব বুলি বাণ থিয়েটাৰে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ