
- মহিলা দলে চীনৰ বিৰুদ্ধে খেলিব, আনহাতে পুৰুষৰ দলে পাকিস্তানৰ বিৰুদ্ধে খেলিব
কাকামিগাহাৰা (জাপান), ০৪ জুন (হি.স.)। ১৮ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৬ৰ ছেমি ফাইনেলৰ বাবে সাজু হৈছে ভাৰতীয় পুৰুষ আৰু মহিলা হকী দল।দুয়ো দলে পুল পৰ্যায়ত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই শেষৰ চাৰিটাত স্থান নিশ্চিত কৰে।
মহিলা দলটোৱে অপৰাজিত হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় ১৮ বছৰ অনুৰ্ধ মহিলা দলে তিনিওখন মেচতে জয়লাভ কৰি পুল এ শীৰ্ষস্থান দখল কৰে। দলটোৱে মুঠ ৩০টা গ’ল দি পুল পৰ্যায়ত মাত্ৰ দুটা গ’লহে দিয়ে।
ভাৰতে মালয়েছিয়াৰ বিৰুদ্ধে ২-১ গ’লত কটকটীয়া জয়ৰে অভিযান আৰম্ভ কৰে। ইয়াৰ পাছতে কোৰিয়াক ৩-১ গ’লত পৰাস্ত কৰি অন্তিমখন খেলত ছিংগাপুৰক ২৫-০ গ’লত পৰাস্ত কৰি ষ্টাইলত ছেমি ফাইনেলত প্ৰৱেশ কৰে।
ভাৰতীয় দলৰ হৈ ১০টা গ’ল দি এতিয়ালৈকে সৰ্বাধিক সফল গ’লদাতা নৌশীন নাজে। গীতাশ্ৰী নম্মি ৫টা গ’ল, অধিনায়ক ছুইটি কুজুৰে ৪টা গ’ল, প্ৰিয়ংকা মিঞ্জে ৩টা গ’ল দিছে।
এতিয়া ভাৰতে মুখামুখি হ’ব চীনৰ বিৰুদ্ধে। ৫ জুনত পুৱা ৯:৩০ বজাত (IST) খেল অনুষ্ঠিত হ’ব।
মহিলা দলৰ মুখ্য প্ৰশিক্ষক ৰাণীয়ে কয়, এতিয়ালৈকে কৰা যাত্ৰা আচৰিত। এই খেলুৱৈসকলৰ এইখন প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, আৰু তেওঁলোকে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিছে। আমাৰ সম্পূৰ্ণ মনোযোগ এতিয়া চীনৰ বিৰুদ্ধে ছেমি ফাইনেলত। আমি আমাৰ হকী খেলিব বিচাৰো, আক্ৰমণাত্মক হ'ব বিচাৰো, আৰু আমি পোৱা সুযোগসমূহ ৰূপান্তৰিত কৰিব বিচাৰো।
প্ৰতিটো বলৰ বাবে যুঁজিবলৈ দলটো ফিট আৰু সাজু বুলিও কয় ছানীয়ে।
পাকিস্তানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশৰ বাবে পুৰুষ দলৰ চকু। ভাৰতীয় ১৮ বছৰ অনুৰ্ধ পুৰুষৰ হকী দলটোৱে তিনিখন জয় আৰু এটা পৰাজয়ৰ সৈতে পুল এত দ্বিতীয় স্থান দখল কৰে। দলটোৱে এই পৰ্যন্ত ৩২টা গ’ল দিয়াৰ বিপৰীতে মাত্ৰ ৬টা গ’লহে দিছে।
প্ৰথমখন খেলত ভাৰতে কাজাখস্তানক ১৩-০ গ’লত পৰাস্ত কৰিছিল যদিও দ্বিতীয়খন খেলত আয়োজক জাপানৰ হাতত ২-৪ গ’লত পৰাস্ত হৈছিল। ইয়াৰ পাছতে দলটোৱে উল্লেখযোগ্য প্ৰত্যাৱৰ্তন ঘটাই কোৰিয়াক ৪-১ আৰু চাইনিজ টাইপেইক ১৩-১ গ’লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।
ভাৰতীয় অধিনায়ক কেতন কুশৱাহাই এই পৰ্যন্ত ৭টা গ’ল দিয়াৰ বিপৰীতে আশীষ তানি পুৰ্টিয়ে ৬টা গ’ল দিছে। গাজী খান আৰু শ্বাহৰুখ আলীয়ে ৩টাকৈ গ’ল দিছে।
এতিয়া ৫ জুনত বিয়লি ৩:৩০ বজাত (IST) ২ ছেমি ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলিব। পাকিস্তানে পুল বিত শীৰ্ষস্থান দখল কৰে।
পুৰুষৰ দলৰ প্ৰশিক্ষক চৰ্দাৰ সিঙে কয় যে, চাৰিখন মেচৰ অন্তত আমি এনে কিছুমান ক্ষেত্ৰ চিনাক্ত কৰিছো য'ত উন্নতিৰ প্ৰয়োজন, বিশেষকৈ পেনাল্টি কৰ্ণাৰ আক্ৰমণ আৰু ডিফেন্সত। খেলুৱৈসকলে এতিয়া আধুনিক হকীৰ দাবী বুজি পাইছে, আৰু দলীয় ঐক্যই আমাৰ আটাইতকৈ ডাঙৰ শক্তি।
খেলৰ সময়সূচী: ভাৰতীয় মহিলা দল বনাম চীন – ৫ জুন, পুৱা ৯:৩০ বজাত (IST)
ভাৰতীয় পুৰুষ দল বনাম পাকিস্তান – ৫ জুন, বিয়লি ৩:৩০ বজাত (IST)-------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ