
চৰাইদেউ, ০৪ জুন (হি.স.)। সোণাৰিত সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু) চৰাইদেউ জিলা সমিতিৰ উত্তাল প্ৰতিবাদী কাৰ্যসুচী।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, মূল্যবৃদ্ধি ৰোধ আৰু ড্ৰাগছ মুক্ত চৰাইদেউ জিলাৰ দাবীত আজিৰ বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়।
চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন ছাত্ৰ তথা মহিলা সকলৰ।
বিক্ষোভ স্থলীত কটকটীয়া নিৰাপত্তা ব্য়ৱস্থা গঢ়ি তোলা হয়। আৰক্ষীৰ জোৱান সকলে সমগ্ৰ অঞ্চলটো ঘেৰি ৰাখে।পিছত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত প্ৰতিবাদকাৰী সকলক আটৰাই পঠোৱা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা