হাইদৰাবাদলৈ গৈ নিৰুদ্দেশ শিৱসাগৰৰ এজন ব্যক্তি
শিৱসাগৰ, ০৪ জুন (হি.স.)। বহি: ৰাজ্যত কৰ্মস্থাপনৰ বাবে গৈ পুনৰ সন্ধানহীন শিৱসাগৰৰ এজন ব্যক্তি। ২৫ দিন ধৰি সন্ধান নাই শিৱসাগৰ দিগন্ত শইকীয়াৰ । ১০ মেত শিৱসাগৰ পৰা কৰ্মসংস্থাপন বাবে হাইদৰাবাদলৈ গৈছিল শিৱসাগৰ বানমুখ দিহিঙীয়া গাওঁৰ দিগন্ত শইকীয়া। বিজয়ৱাড়
হাইদৰাবাদলৈ গৈ নিৰুদ্দেশ শিৱসাগৰৰ এজন ব্যক্তি


শিৱসাগৰ, ০৪ জুন (হি.স.)। বহি: ৰাজ্যত কৰ্মস্থাপনৰ বাবে গৈ পুনৰ সন্ধানহীন শিৱসাগৰৰ এজন ব্যক্তি। ২৫ দিন ধৰি সন্ধান নাই শিৱসাগৰ দিগন্ত শইকীয়াৰ । ১০ মেত শিৱসাগৰ পৰা কৰ্মসংস্থাপন বাবে হাইদৰাবাদলৈ গৈছিল শিৱসাগৰ বানমুখ দিহিঙীয়া গাওঁৰ দিগন্ত শইকীয়া। বিজয়ৱাড়া ষ্টেচনৰ পৰা ছেকেন্দ্ৰাবাদ ষ্টেচনলৈ গৈ থকা অৱস্থাত ৰহস্য জনক ভাৱে নিৰুদ্দেশ হয় দিগন্ত শইকীয়া।

অভিযোগ অনুসৰি শিৱসাগৰ থানামুখৰ অজু দাস নামৰ এজন ব্যক্তিৰ সৈতে হাইদৰাবাদ লৈ গৈছিল দিগন্ত শইকীয়া। অজু দাসৰ ভাষ্য অনুসৰি বিজয়ৱাড়া ষ্টেচনত নিৰুদ্দেশ হয় দিগন্ত শইকীয়া। ৩০ মেত শেষবাৰ মোবাইল অন হৈছিল দিগন্ত শইকীয়াৰ। শিৱসাগৰ সদৰ থানাত ২ খনকৈ এজাহাৰ দাখিল কৰাৰ পাছতো কোনোধৰণৰ শুংসূত্ৰ লাভ কৰিব পৰা নাই শিৱসাগৰ আৰক্ষীয়ে।

ইয়াৰ উপৰিও বিজয়ৱাড়া থানাত এখন এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে ।বিজয়ৱাড়া আৰক্ষীৰ ভাষ্য অনুসৰি এই পৰ্যন্ত লৈকে অসমৰ প্ৰায় ৪০ জন ব্যক্তি ৰহস্যজনক ভাৱে নিৰুদ্দেশ হৈ আছে। কিন্তু বৰ্তমানলৈকে কোনোধৰনৰ খৱৰ লাভ কৰিব পৰা নাই আৰক্ষীয়ে। দিগন্ত শইকীয়াক উদ্ধাৰ কৰিবৰ বাবে অসম চৰকাৰক কাতৰ আহ্বান পৰিয়ালৰ লোকৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande