
–ৰাজনীতিক -ক্ৰীড়া সংগঠক জনপ্ৰিয় অধিবক্তা মাধুৰ্য্য গোস্বামী আৰু পুলিন বিশ্বাস উপ সভাপতি হিচাপে নিৰ্বাচিত
–৩৪ শতাংশ মহিলা অধিবক্তাৰে তেজপুৰ উকিল সন্হাৰ নতুন সমিতি গঠন
শোণিতপুুৰ, ০৪ জুন (হি.স.)। তেজপুৰৰ জ্যেষ্ঠ অধিবক্তা পুতুল কুমাৰ বৰা তেজপুৰ উকিল সন্থাৰ আগন্তুক কাৰ্যকালৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে আন এগৰাকী তেজপুৰৰ জ্যেষ্ঠ অধিবক্তা তথা ৰাজনীতিক -ক্ৰীড়া সংগঠক মাধুৰ্য্য গোস্বামীৰ লগতে পুলিন বিশ্বাস উপ সভাপতি হিচাপে নিৰ্বাচিত হৈছে ।
উল্লেখ্য যে তেজপুৰ উকিল সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ বাবে যোৱা ২ জুন তাৰিখে সাধাৰণ সভাৰ লগতে একাংশ বিষয়ববীয়াৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ।কালি নিশা পৰ্যন্ত হোৱা ভোট গণনাৰ পিছত তেজপুৰৰ আন এগৰাকী জ্যেষ্ঠ অধিবক্তা যামিনী বৈশ্যতকৈ অধিক ভোট লাভ কৰি পুতুল কুমাৰ বৰা সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে দুগৰাকী উপ সভাপতিৰ বাবে হোৱা নিৰ্বাচনত মাধুৰ্য্য গোস্বামীয়ে বিপুল সংখ্যক ভোট লাভ কৰি উপ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে পুলিন বিশ্বাসো উপ সভাপতি হিচাপে নিৰ্বাচিত হয় ।
এই নিৰ্বাচনত বীৰেন বৰা সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ লগতে প্ৰাণজ্যোতি শইকীয়া আৰু ইমতাজ আনচাৰী সহকাৰী সম্পাদক হিচাপে, আটনাচ হৰ ক্ৰীড়া সম্পাদক হিচাপে আৰু তপন দাস সাংস্কৃতিক সম্পাদক হিচাপে নিৰ্বাচিত হয় । আনহাতে আগন্তুক কাৰ্যকালৰ বাবে ২২ গৰাকী অধিবক্তা কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত হয় ।
উল্লেখ্য যে এই সমিতিখনত ৩৪ শতাংশ মহিলা অধিবক্তা কাৰ্যনিৰ্বাহক সদস্যা হিচাপে মনোনীত হয় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ