
ডিব্ৰুগড়, ০৪ জুন (হি.স.): ডিব্ৰুগড় জিলা লাহোৱালৰ তেলিয়াপট্ৰী–জয়পুৰ পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন চাইকেল আৰোহী । ব্যক্তিজনৰ কৰুণ মৃত্যুক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, এখন দ্ৰুতবেগী অচিনাকি বাহনে এজন চাইকেল আৰোহীক মহতিয়াই নিয়ে। ইয়াৰ ফলত ঘটনাস্থলীতে চাইকেল আৰোহী জনৰ মৃত্যু হয় । নিহত ব্যক্তিজন লাহোৱালৰ হাটখোলা গাঁৱৰ বাসিন্দা মনোজ দত্ত (২৯) বুলি চিনাক্ত কৰা হৈছে। আনহাতে দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই ঘোঁৰামৰা আৰক্ষী আৰু লাহোৱাল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ