
নতুন দিল্লী, ০৪ জুন (হি.স.)। ৰাষ্ট্রপতি ভৱন, অমৃত উদ্যান আৰু অন্যান্য চৌহদত পানীৰ পাত্ৰ স্থাপন কৰি চৰাইক গৰমৰ পৰা সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে এই পানীৰ পাত্ৰবোৰে চৰাইবোৰক যথেষ্ট সকাহ দিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰা এক ভিডিঅ’ত এই পদক্ষেপৰ প্ৰশংসা কৰে। ভিডিঅ’টোত চৰাইয়ে পানী খাই থকা দেখা গৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে পৰোক্ষভাৱে জনসাধাৰণক প্ৰকৃতি আৰু জীৱ-জন্তুৰ প্ৰতি সংবেদনশীল হ’বলৈ আহ্বান জনায়।
প্ৰচণ্ড গৰমৰ মাজত চৰাইৰ বাবে কৰা প্ৰচেষ্টাক প্ৰশংসা কৰি ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আৰু অন্যান্য স্থানত চৰাইৰ বাবে ৰখা পানীৰ পাত্ৰই এই কঠিন বতৰত চৰাইৰ বাবে সকাহ আৰু আৰাম প্ৰদান কৰা বুলি উল্লেখ কৰে।
তেওঁ কয় যে এইটো এটা সৰু প্ৰচেষ্টা যিয়ে জীৱ-জন্তুৰ প্ৰতি মমতা আৰু ইহঁতৰ সৈতে সুসম সহাৱস্থানৰ অনুভূতি প্ৰতিফলিত কৰে। তেওঁ কয় যে এনে সৰল পদক্ষেপে পৰিৱেশ সুৰক্ষা আৰু মানৱীয় মূল্যবোধক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া