১ কোটি গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ প্ৰস্তুতি ৰাজ্যিক বিজেপিৰ
গুৱাহাটী, ০৪ জুন (হি.স.)। কেৱল সৰ্বদিশৰ উন্নয়নেই নহয়, প্রকৃতি সংৰক্ষণ আৰু সংবৰ্দ্ধনতো বিশেষ সফলতা কঢ়িয়াইছে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন এনডিএ চৰকাৰে । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত কেৱল মুনাফাৰ স্বাৰ্থত চৰকাৰৰ বৰমূৰীয়া সকলে বন ধ্বংস অভিযান চলাইছি
১ কোটি গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ প্ৰস্তুতি ৰাজ্যিক বিজেপিৰ


গুৱাহাটী, ০৪ জুন (হি.স.)। কেৱল সৰ্বদিশৰ উন্নয়নেই নহয়, প্রকৃতি সংৰক্ষণ আৰু সংবৰ্দ্ধনতো বিশেষ সফলতা কঢ়িয়াইছে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন এনডিএ চৰকাৰে । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত কেৱল মুনাফাৰ স্বাৰ্থত চৰকাৰৰ বৰমূৰীয়া সকলে বন ধ্বংস অভিযান চলাইছিল। অবাধে গছ কটা, বনভূমি-জলাশয় বেদখল ইত্যাদি আছিল কংগ্ৰেছ চৰকাৰৰ সময়ৰ নিত্য নৈমিত্তিক ঘটনা। বন বিভাগৰ মন্ত্ৰী, বিষয়া-কর্মচাৰী আদিয়েই বন-দস্যুৰ ৰূপত অৱতীৰ্ণ হৈছিল। গঁড় হত্যা আদি আছিল প্রতিটো দিনৰ দুঃসংবাদ।

কিন্তু ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এনডিএ চৰকাৰে যুগ যুগ ধৰি চলি অহা বন ধ্বংস যজ্ঞৰ অৱসান ঘটালে। বেদখলকাৰীৰ কৱলত পৰা বনভূমি-জলাশয় উদ্ধাৰ কৰিলে। 'বিশ্ব পৰিৱেশ দিৱস' উদযাপনৰ প্ৰাক্ মুহুর্তত অসম প্রদেশ বিজেপিয়ে সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক প্রেছ বিবৃতিত বিজেপি নেতৃত্বাধীন যোৱা ১০ বছৰীয়া চৰকাৰৰ শাসনকালত প্রকৃতি ৰক্ষাৰ কাৰণে গ্রহণ কৰা ইতিবাচক পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে।

বিবৃতিটোত ৰাজ্যিক বিজেপিৰ মুখপাত্র কমল কুমাৰ মেধিয়ে কয় যে বিগত ৫ বছৰতে ২৫ হাজাৰ একৰতকৈও অধিক বনাঞ্চল অবৈধ বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিলে। গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত বিগত বৰ্ষৰ ৯ আৰু ১০ নৱেম্বৰত চলোৱা উচ্ছেদ অভিযানত প্রায় ৬০০ অবৈধ দখলকাৰীক উচ্ছেদ কৰি ১১৫০ বিঘা বনভূমি পুনৰুদ্ধাৰ কৰা হৈছিল।

উচ্ছেদৰ পাছতেই আৰম্ভ কৰা গছপুলি ৰোপণকে ধৰি বিভিন্ন পদক্ষেপৰ ফলস্বৰূপে এতিয়া সেই বনভূমিলৈ উভতি আহিছে বন্য জীৱকুল। দহিকাটা, বান্দাৰমাথা সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰি বন্ধ হৈ থকা হস্তি কৰিড'ৰ মুকলি কৰাৰ ফলত বন্যহস্তি বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহাটো বন্ধ হ'ল। হাতীকুলে নিজৰ মতে নিজৰ এলেকাত বিচৰণ কৰাৰ সুবিধা হ'ল।

গোলাঘাট জিলাৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাই বিজেপি চৰকাৰে ইতিমধ্যে ১৫৩ হেক্টৰ ভুমি উদ্ধাৰ কৰিছে আৰু সেই বনাঞ্চলত গছ পুলি ৰোপণৰ ব্যৱস্থা কৰিছে। কাৰ্বি আংলঙৰো ধনশিৰি আৰু দলদলি সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰি তাতো এতিয়া বন বিভাগে বিভিন্ন প্রজাতিৰ গছ পুলি ৰোপণ কৰাৰ ব্যৱস্থা কৰিছে।

লাওখোৱা অভয়াৰণ্যৰ বৃহৎ অংশ বেদখলমুক্ত কৰাৰ পিছত এতিয়া তাত বনৰীয়া জীৱ-জন্তুৰ বিচৰণ সহজ হৈছে আৰু বন্য জন্তুৰ বংশবৃদ্ধি ঘটিছে। অবৈধ বেদখলকাৰীৰ কৱলত পৰি এসময়ত ধ্বংসৰ মুখলৈ গতি কৰা উত্তৰ অসমৰ পাভৈ বনাঞ্চললৈও এতিয়া ঘূৰি আহিছে সেউজ পৰিৱেশ। উক্ত বনাঞ্চলত বৰ্তমান হাতী, বাঘ, ভালুকৰ লগতে বন ঘোঁৰাৰ মুক্ত বিচৰণে প্রকৃতি প্রেমী সকলৰ দৃষ্টি আকৰ্ষণ কৰিছে।

এসময়ত কেৱল গঁড়ৰ চোৰাং চিকাৰৰ ভয়-শংকাৰ বাতৰিয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰা কাজিৰঙাই আজি বিশ্ব পর্যটনৰ মানচিত্ৰত এক নতুন ইতিহাস ৰচনা কৰিছে। ১.৫৫ লাখৰ পৰা ৫.৪৮ লাখলৈ বৃদ্ধি হৈছে দর্শনার্থীৰ সংখ্যা। এয়া অসমৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কঢ়িয়াই অনা এক বিশেষ সফলতাৰ খবৰ।

একেদৰে মানস ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্রাণী অভয়াৰণ্যৰ পৰাও প্রতিদিনে আহি আছে গভীৰ আশাব্যঞ্জক খবৰ। উন্নত সুবিধা, সুদৃঢ় যোগাযোগ ব্যৱস্থা আৰু বন্যপ্রাণী সংৰক্ষণৰ দৃঢ় পদক্ষেপৰ ফলত এই দুয়োখন সংৰক্ষিত বনাঞ্চলত ১ লাখতকৈ অধিক পৰ্যটকৰ আগমন ঘটিছে। যাৰ ফলত অসমৰ বন পর্যটনেও লাভ কৰিছে নতুন গতি আৰু নতুন শক্তি। ইয়ে কেৱল অসম পৰ্যটনৰ সফলতাই কঢ়িয়াইছে-এনে নহয়, স্থানীয় যুৱক-যুৱতী, গাইড, চালক, হোমষ্টে পৰিচালক আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈও আত্মবিশ্বাস, নতুন সম্ভাৱনা আৰু জীৱিকাৰ এক নতুন দিশ উন্মোচন কৰিছে।

তেও কয় যে ৫ জুনৰ 'বিশ্ব পৰিৱেশ দিৱস'ত ভাৰতীয় জনতা পার্টিয়ে ব্যাপক আৰু বিস্তাৰিত ৰূপত পালন কৰিব। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ ১২ বছৰীয়া পূৰ্তিৰ সৈতে সংগতি ৰাখি এইবাৰ অসমতো ভাৰতীয় জনতা পার্টিয়ে ১ কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত গ্রহণ কৰিছে। 'বিশ্ব পৰিৱেশ দিৱস'ত দলৰ কার্যকর্তা সকলে প্রতিটো বুথত কমেও ৫ টা ফলধাৰী গছ ৰোপণ কৰিব। প্ৰতিগৰাকী কাৰ্যকৰ্তাই তেখেতৰ মাতৃৰ স্মৃতীত এটাকৈ গছ পুলি উৎসৰ্গা কৰিব।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande