
তিনিচুকীয়া, ০৪ জুন (হি.স.)। তিনিচুকীয়া জিলাৰ ডুমডুমাত শিশু ভাস্কৰ হেমন্ত ৰাজ মৰাণ শিশু উন্নয়ন পুঁজিৰ উদ্যোগত আৰু ডুমডুমা মইনা পাৰিজাতৰ সহযোগত ১৭ জুনত ’ৰূপকোঁৱৰ দিৱস’ উদযাপনৰ প্ৰস্তুতি আৰম্ভ ৷ সেইদিনটো ৰূপকোঁৱৰ জ্য়োতি প্ৰসাদ আগ্ৰৱালৰ জন্ম দিৱস। ৰূপকোঁৱৰৰ বিভিন্ন নাটক,গান আদি কন কন শিল্পী সকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হব। ডুমডুমাৰ দিপ্তী নৃত্যালয়ৰ প্ৰাঙ্গনত উদযাপিত হ’ব ’ৰূপকোঁৱৰ দিৱস’ ৷
সবিশেষ জানিবৰ বাবে ৯৯৫৭১৪৯১৯২ আৰু ৮০১১৪৪৪১৪০ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সমিতিয়ে অনুৰোধ জনায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু