
ধুবুৰী, ০৪ জুন (হি.স.)। সুখচৰত আৰক্ষীৰ অভিযান। বৃহৎ পৰিমাণৰ গাঞ্জা আৰু য়াবা টেবলেট সহ এজনক আটক। নিশা ড্ৰাগছ বিৰোধী এক বিশেষ অভিযান চলাই সুখচৰ আৰক্ষীয়ে। অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা উক্ত অভিযানত মুঠ ২.৭৪৬ কিলোগ্ৰাম গাঞ্জা আৰু ৪০০টা য়াবা টেবলেট জব্দ কৰিব সক্ষম হয়।
উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চুলেমান শ্বেখ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ধৃত লোকজনৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। জব্দ কৰা নিচাজাতীয় সামগ্ৰী সমূহৰ বজাৰ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু