অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ পৰা এজন নিৰুদ্দেশ, চিন্তিত পৰিয়াল
ইটানগৰ, ০৪ জুন (হি.স.)। অৰুনাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ চিংচুং আৰক্ষী থানাৰ অন্তৰ্গত টেংগু মাৰ্কেটৰ নিবাসী লাল বাহাদুৰ টামাং (৬৮) নামৰ লোকজন যোৱা ১৪ মে''ৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোক সকল চিন্তিত হৈ পৰিছে। উল্লেখ্য যে উক্ত দিনা কোনো বিশেষ ক
অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ পৰা এজন নিৰুদ্দেশ, চিন্তিত পৰিয়াল


ইটানগৰ, ০৪ জুন (হি.স.)। অৰুনাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ চিংচুং আৰক্ষী থানাৰ অন্তৰ্গত টেংগু মাৰ্কেটৰ নিবাসী লাল বাহাদুৰ টামাং (৬৮) নামৰ লোকজন যোৱা ১৪ মে'ৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোক সকল চিন্তিত হৈ পৰিছে। উল্লেখ্য যে উক্ত দিনা কোনো বিশেষ কামৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ পাছত পুনৰ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে উক্ত অঞ্চলত বিচাৰ খোচাৰ কৰাৰ লগতে অসমতো বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও লোকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

লাল বাহাদুৰ তামাঙক বিচাৰি নাপাই অৱশেষত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে চাৰিদুৱাৰ আৰক্ষী থানাতো বিষয় সন্দৰ্ভত অৱগত কৰা হৈছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। কোনো সদাশয় ব্যক্তিয়ে লোকজনৰ সন্ধান পালে ম'বাইল নম্বৰ ৯৩৬২৫ ৭১২৭৭ ত যোগাযোগ কৰাৰ লগতে নিকটবৰ্তী আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande