অসমত এপিডিচিএলৰ বিদ্যুতৰ মাচুল বৃদ্ধি
গুৱাহাটী, ০৪ জুন(হি.স.)। আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড(এপিডিচিএল)য়ে ৰাজ্যত বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে । প্ৰতি ইউনিটত ১৬ পইচাৰ পৰা ২৮ পইচালৈ বৃদ্ধি কৰা হৈছে । জুন মাহৰ বাবে প্ৰতি ইউনিটত ২১ পইচা বৃদ্ধি কৰা হৈছে । জুলাই মাহৰ বাবে ১৮ পইচা
অসমত এপিডিচিএলৰ বিদ্যুতৰ মাচুল বৃদ্ধি


গুৱাহাটী, ০৪ জুন(হি.স.)। আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড(এপিডিচিএল)য়ে ৰাজ্যত বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে । প্ৰতি ইউনিটত ১৬ পইচাৰ পৰা ২৮ পইচালৈ বৃদ্ধি কৰা হৈছে । জুন মাহৰ বাবে প্ৰতি ইউনিটত ২১ পইচা বৃদ্ধি কৰা হৈছে । জুলাই মাহৰ বাবে ১৮ পইচা বৃদ্ধি কৰিছে । ইফালে আগষ্ট মাহৰ বাবে ১৬ পইচা বৃদ্ধি কৰা হৈছে ।

সেইদৰে ছেপ্তেম্বৰ আৰু অক্টোবৰ মাহৰ বাবে ১৭ পইছা বৃদ্ধি কৰা হৈছে । নৱেম্বৰ মাহৰ বাবে ১৯ পইছা আৰু ডিচেম্বৰ মাহৰ বাবে ২৪ পইচা বৃদ্ধি কৰা হৈছে । ইফালে ২০২৭ চনৰ জানুৱাৰী মাহৰ বাবে প্ৰতি ইউনিটত ২৬ পইচা, ফেব্ৰুৱাৰী মাহৰ বাবে ২৫ পইচা আৰু মাৰ্চ মাহৰ বাবে ২৮ পইচা বৃদ্ধি কৰা হৈছে । ইতিমধ্য়ে মাচুল বৃদ্ধিত অনুমোদন দিছে বিদ্যুৎ নিয়ামক আয়োগে । বিগত বৰ্ষৰ ঘাটি পুৰাবলৈ মাচুল বৃদ্ধি কৰা বুলি এপিডিচিএল কৰ্তৃপক্ষই সংবাদ মাধ্যমক জানিব দিয়ে । জানিব পৰামতে, বিগত বৰ্ষত এপিডিছিএলৰ ২১৫ কোটি টকাৰ ঘাটি হৈছিল ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande