বিলাসীপাৰাত এটা গুৰুত্বপূৰ্ণ পথে জলাকলা খুৱাইছে ৰাণীগঞ্জৰ অঞ্চলবাসীক
বিলাসীপাৰাত এখন গুৰুত্বপূৰ্ণ পথে জলাকলা খুৱাইছে ৰাণীগঞ্জৰ অঞ্চলবাসীক।
বিলাসীপাৰাত এটা গুৰুত্বপূৰ্ণ পথে জলাকলা খুৱাইছে ৰাণীগঞ্জৰ অঞ্চলবাসীক


ধুবুৰী, ০৪ জুন (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত এটা গুৰুত্বপূৰ্ণ পথে জ্বলাকলা খুৱাইছে ৰাণীগঞ্জৰ অঞ্চলবাসীক।পথ নহয় যেন পুখুৰী সদৃশ হৈ পৰিছে পথছোৱাত । সঘনাই পথ দুৰ্ঘটনাত পতিত হ'ব লগীয়া হয় ৰোগী পথচাৰীৰ।ইফাল পথছোৱা উন্নয়ন কৰিবলৈ বিলাসীপাৰা লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰাও কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ।

ৰাণীগঞ্জৰ পৰা সাপটগ্ৰাম সংযোগী ঘাইপথটোৰ মাজত পুখুৰী সদৃশ গাঁত। পথছোৱা দি প্ৰতিদিনে শ শ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী, পথচাৰীয়ে জৰাজীৰ্ণ অৱস্থাত যাতায়ত অব্যাহত ৰাখিছে। ৰাণীগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত পথটোত ৰোগী পথচাৰীৰ অহা যোৱা ক্ষেত্ৰত সঘনাই পথ দুৰ্ঘটনা পতিত হ'ব লগীয়া হয়। এই ক্ষেত্ৰত বিভাগীয় লোক নিৰ্মাণ বিভাগ তথা সম জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে স্থানীয় ৰাইজসকলেয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande