প্ৰধানমন্ত্ৰী মোদীৰ ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচিক আদৰণি
নতুন দিল্লী, ০৪ জুন (হি.স.)। দিল্লীৰ হায়দৰাবাদ হাউচত বৃহস্পতিবাৰে ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি আগন্তুক আলোচনাৰ লক্ষ্য হৈছে অংশীদাৰিত্ব আ
प्रधानमंत्री मोदी और वेनेजुएला की कार्यवाहक राष्ट्रपति डेल्सी मौजूद।


নতুন দিল্লী, ০৪ জুন (হি.স.)। দিল্লীৰ হায়দৰাবাদ হাউচত বৃহস্পতিবাৰে ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি আগন্তুক আলোচনাৰ লক্ষ্য হৈছে অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰা আৰু দ্বিপাক্ষিক সম্পৰ্কক নতুন গতি প্ৰদান কৰা।

এই আলোচনাত ভাৰত-ভেনিজুৱেলাৰ সম্পৰ্কৰ সকলো দিশ সামৰি লোৱা হ’ব আৰু শক্তি সুৰক্ষা, বাণিজ্য আৰু বিনিয়োগ, ঔষধ, স্বাস্থ্যসেৱা, পৰিবহণ, আৰু নবীকৰণযোগ্য শক্তিৰ দৰে ক্ষেত্ৰত অধিক সহযোগিতাৰ পথ অন্বেষণ কৰা হ’ব। ৩ জুনৰ পৰা ৭ জুনলৈ ভাৰত ভ্ৰমণ কৰিব ডেলচি ৰড্ৰিগেজে ইয়াৰ পূৰ্বে বৈদেশিক মন্ত্ৰী আৰু উপ-ৰাষ্ট্ৰপতি হিচাপে কেইবাবাৰো ভাৰত ভ্ৰমণ কৰি আহিছে। এয়া ষষ্ঠবাৰৰ বাবে ভাৰত ভ্ৰমণ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande