
দৰং, ০৪ জুন (হি.স.)। মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা সংঘটিত পুনৰ এক শোকাৱহ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন। তীব্ৰবেগী বাইক আৰু স্কুটীৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষ। মঙলদৈৰ পুলিচ ৰিজাৰ্ভৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় উক্ত শোকাৱহ পথ দুৰ্ঘটনাটো। দূৰ্ঘটনাত থিতাতে নিহত হয় বিদ্যুৎ ৰাজৱংশী নামৰ স্কুটী আৰোহী যুৱক গৰাকীৰ।
নিহত বিদ্যুৎ ৰাজৱংশীৰ ঘৰ মঙলদৈৰ পুলিচ ৰিজাৰ্ভত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা স্কুটী খনৰ নম্বৰ এএছ ১৩এফ ৪২২৩। আনহাতে আহত হয় বাইক আৰোহী হান্নান আলি আৰু আব্দুল ৰহমান। দুয়োগৰাকীকে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ