
তামুলপুৰ, ০৪ জুন (হি.স.)। তামুলপুৰৰ কুমাৰীকাটা বগৰিবাৰীত দিনৰ পোহৰতে বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন বিশেষ ভাৱে সক্ষম লোক ।
নিহত লোক জনৰ নাম পৌলুচ বসুমতাৰী (৩৫)। বনৰীয়া হাতী চাবলৈ যাওতে হঠাৎ এটা অকলশৰীয়া বনৰীয়া হাতীয়ে খেদি আহি আক্ৰমণ কৰি গচকি দিয়াত থিতাতে নিহত হয় লোক জন ।
হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা মহিলা সহ আন চাৰিজন লোকৰ। উল্লেখ্য যে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি ভূটান সীমান্তৰ দৰংগাজূলী সংৰক্ষিত বনাঞ্চলত অৱস্থান কৰি থকা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই বিগত কেইবাদিনো ধৰি দিনৰ পোহৰতে ঘাইপথ পাৰ হৈ জনাঞ্চলত প্ৰবেশ কৰি উপদ্ৰৱ চলাই নিদ্ৰা হৰণ কৰিছে সীমান্তবাসীৰ ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু