
ধুবুৰী, ০৪ জুন (হি.স.): ধুবুৰীৰ ১০ নং বাহাদুৰটাৰিত য়োৱা কালি সন্ধিয়া আৰক্ষীৰ বৃহৎ অভিযান চলে । গুৱাহাটী আৰু ধুবুৰী আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হয বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ আৰু নিচা যুক্ত দ্ৰব্য।
কালু নামৰ যুৱক জনৰ ঘৰত চলিছিল অভিযান । অভিযানত আটক হয় ৪ জনকৈ যুৱক । আটক হোৱা যুৱক কেইজন ক্ৰমে - কালু, স্বাজাহান, ৱাজেদ আলী ।দীৰ্ঘ দিনৰ পৰা ড্ৰাগচ বিক্ৰি কৰাৰ লগতে ড্ৰাগচ সেৱন কৰি আহিছিল এই চাৰি যুৱকে । ড্ৰাগছ কিনাৰ ছলনাৰে কালি সন্ধিয়া গুৱাহাটীৰ পৰা এটা দলে আহি হাতে নাতে ধৰাত পেলায় চাৰিজনক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ