
নলবাৰী, ০৪ জুন (হি.স.)। নলবাৰীত হত্যাকাণ্ডৰ বলী আছু নেতাৰ বাসগৃহত উপস্থিত এপিচিচিৰ একাংশ নেতা ।আজি দুপৰীয়াৰ ভাগত নলবাৰীৰ চামতাত উপস্থিত হয় কংগ্ৰেছ নেতা ৰিপুন বৰা,মীৰা বৰঠাকুৰ আৰু নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীকে ধৰি অশোক শৰ্মা আৰু প্ৰদ্যুৎ ভূঞা। কুখ্যাত ৰৌজ আলীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা আছু নেতা মাধুৰ্য্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ পিতৃ মাতৃক সান্ত্বনা প্ৰদান কৰে কংগ্ৰেছৰ নেতৃত্বই।
স্থানীয় লোকৰ সৈতেও মত বিনিময় কৰে কংগ্ৰেছৰ নেতৃত্বই। ইপিনে অসম আৰক্ষীত আধুনিকৰণৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে৷
মাধুৰ্য বৰ্মন হত্যাত অকল ৰৌজ ওৰফে আছিফ খানে জড়িত নাছিল৷ উক্ত হত্যাকাণ্ডৰ সৈতে জড়িত আছিল আন কেইবাজনো লোক এই মন্তব্য কংগ্ৰেছ নেতা ৰিপুন বৰাৰ। মৃদুমুদ্ৰা ডেকা আৰু মাধুৰ্য্য বৰ্মনৰ আক্ৰমণকাৰী আটাইবোৰকে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে ৰিপুণ বৰাই। এনেকুৱা কাণ্ড আৰু অসমত যাতে নঘটে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা