
শ্বিলং (মেঘালয়), ০৪ জুন (হি.স.)। মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই বৃহস্পতিবাৰে কয় যে ম্যানমাৰৰ পৰা ৰাজ্যখনত স্থানচ্যুত লোকৰ আগমন অব্যাহত থকাটো মিজোৰামৰ বাবে এক ডাঙৰ বোজা হৈ পৰিছে। তেওঁ আশংকা প্ৰকাশ কৰে যে চুবুৰীয়া দেশখনত চলি থকা ৰাজনৈতিক আৰু নিৰাপত্তাজনিত সংকটৰ বাবে অনাগত মাহত আশ্ৰয় বিচাৰি মিজোৰামত অধিক লোক উপস্থিত হ’ব পাৰে।
মেঘালয়ৰ ৰাজধানী শ্বিলঙত এক অনুষ্ঠানৰ সময়ত সংবাদ মাধ্যমৰ আগত ভাষণ দি মুখ্যমন্ত্রী সোণোৱালে কয় যে ম্যানমাৰৰ বর্তমান ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবেই বৃহৎ সংখ্যক স্থানচ্যুত লোকে মিজোৰামত আশ্রয় বিচাৰিছে৷ তেওঁ কয় যে তাত থকা পৰিস্থিতিৰ বাবে সম্প্ৰতি বহু স্থানচ্যুত লোক আমাৰ ওচৰলৈ আহি আছে। নিৰাপত্তাৰ সন্ধানত আৰু অধিক মানুহ অহাৰ সম্ভাৱনা আছে। এয়া আমাৰ বাবে বোজা হৈ পৰিছে।
ম্যানমাৰৰ সৈতে মুকলি আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰা মিজোৰামৰ দুয়োপক্ষত বসবাস কৰা জনগোষ্ঠীসমূহৰ মাজত দীৰ্ঘদিনীয়া জাতিগত আৰু সাংস্কৃতিক সম্পৰ্ক আছে। এই কাৰণেই ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতা আৰু সশস্ত্ৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত সীমান্ত পাৰ হৈ মিজোৰামত আশ্ৰয় লৈছে হাজাৰ হাজাৰ লোক।
দীৰ্ঘদিনীয়া শৰণাৰ্থী সংকটৰ পৰা উদ্ভৱ হোৱা মানৱীয়, প্ৰশাসনিক, আৰু আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই মন্তব্য। ৰাজ্য চৰকাৰে কয় যে স্থানচ্যুত লোকৰ সংখ্যা বৃদ্ধিয়ে স্থানীয় সম্পদ, আন্তঃগাঁথনি, আৰু জনকল্যাণমূলক সেৱাৰ ওপৰত ক্ৰমাৎ হেঁচা প্ৰয়োগ কৰিছে।
অৱশ্যে প্ৰত্যাহ্বানৰ মাজতো মিজোৰাম চৰকাৰে মানৱীয় দোষত ম্যানমাৰৰ পৰা উভতি অহাসকলক সাহায্য আৰু আশ্ৰয় প্ৰদান কৰি আছে। ৰাজ্য চৰকাৰৰ মতে সীমান্তৰ দুয়োপাৰে বসবাস কৰা জনগোষ্ঠীসমূহৰ মাজত থকা ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি সাহায্য প্ৰদান কৰাটো অতি প্ৰয়োজনীয়।
মুখ্যমন্ত্রী লালডুহোমাৰ এই বক্তব্যৰ পাছতে কেন্দ্রীয় চৰকাৰৰ পৰা অতিৰিক্ত সাহায্য আৰু শৰণাৰ্থী সংকট মোকাবিলা কৰিবলৈ সমন্বিত কৌশলৰ দাবী পুনৰ চর্চালৈ আহিব পাৰে৷ বিশেষজ্ঞসকলৰ মতে যদি ম্যানমাৰৰ পৰিস্থিতি সোনকালে উন্নত নহয়, তেন্তে মিজোৰামৰ ওপৰত শৰণাৰ্থীৰ চাপ আৰু অধিক বৃদ্ধি পাব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া