মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ,১২ গৰাকী কেবিনেট মন্ত্ৰী হিচাপে শপত লব
গুৱাহাটী, ০৪ জুন(হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কাইলৈ সম্প্ৰসাৰণ ঘটোৱা হব। কাইলৈ ১২ গৰাকী কেবিনেট মন্ত্ৰী হিচাপে শপথ লব। নতুনকৈ শপত লব লগা মন্ত্ৰী সকলৰ ভিতৰত চাৰি গৰাকী নতুন মুখ থাকিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকী ৰাজহুৱা
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ,১২ গৰাকী কেবিনেট মন্ত্ৰী হিচাপে শপত লব


গুৱাহাটী, ০৪ জুন(হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কাইলৈ সম্প্ৰসাৰণ ঘটোৱা হব। কাইলৈ ১২ গৰাকী কেবিনেট মন্ত্ৰী হিচাপে শপথ লব। নতুনকৈ শপত লব লগা মন্ত্ৰী সকলৰ ভিতৰত চাৰি গৰাকী নতুন মুখ থাকিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকী ৰাজহুৱা কৰা মন্ত্ৰী সভাৰ তালিকা খনত স্পষ্ট হৈছে।

নতুন মুখ্য চাৰিখন হল-নিলিমা দেৱী, শুশান্ত বৰগোঁহাই, অশ্বিনি ৰাই সৰকাৰ আৰু বিশ্বজিত দৈমাৰী।

মন্ত্ৰীসভাত স্থান লাভ কৰিব লগা আন মন্ত্ৰী সকল হল-ড০ ৰণোজ পেগু, বিমল বৰা, জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, পিযুষ হাজৰিকা, অশোক সিংহাল, কৃষ্ণেণ্ডু পাল আৰু কৌশিক ৰায়।

ইয়াৰ পুৰ্বে ১২ মেত অনুষ্ঠিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিত্বীয় কাৰ্যকালৰ শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলী আৰু চৰণ বড়োই কেবিনেট মন্ত্ৰী হিচাপে শপত লৈছিল।

কাইলৈ অনুষ্ঠিত হব লগা মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ অনুষ্ঠানটো গুৱাহাটী মহানগৰীৰ খানাপাৰা স্থিত জ্যোতি বিষ্ণু কলা মন্দিৰত দিনৰ ১২.৪৫ বজাত অনুষ্ঠিত হব।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande