শিৱসাগৰত বাঘবৰৰ মিঞাই মাটি ক্ৰয় কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত
শিৱসাগৰত বাঘবৰৰ মিঞাই মাটি ক্ৰয় কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত।
শিৱসাগৰত বাঘবৰৰ মিঞাই মাটি ক্ৰয় কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত


শিৱসাগৰ, ০৪ জুন (হি.স.): শিৱসাগৰত বাঘবৰৰ মিঞাই মাটি ক্ৰয় কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে ।জিলা প্ৰশাসনৰ সহযোগত মেৰবিল ৰাজহচক্ৰৰ অধীনৰ দিচাং মাজগাৱত মাটি ক্ৰয় কৰিছিল চাৰিজন মিঞাই । আধাৰ কাৰ্ড জালিয়াতিৰে নিজকে শিৱসাগৰৰ বাসিন্দা বুলি দেখুৱাইছিল ফুলবৰ আলি, একিবুল আলি সহিতে চাৰিজন মিঞাই । সেই সময়ৰ চক্ৰ বিষয়া নেকিৱ চাইড বৰুৱা, মিলি উপাধিৰ এগৰাকী মণ্ডল আৰু গাওঁপ্ৰধানে মাটি ক্ৰয় কৰাত সহায় কৰিছিল মিঞা কেইজনক।

এই সমগ্ৰ প্ৰক্ৰিয়া স্থানীয় ৰাইজৰ অজ্ঞাতে সম্পন্ন হৈছিল । শিৱসাগৰ জিলাৰ দিচাং মাজগাৱৰ ঐতিহাসিক কোৱামাৰা সত্ৰৰ কাষত মাটি ক্ৰয় কৰিছিল চাৰি মিঞাই । আধাৰ কাৰ্ড জালিয়তিৰে মাটি ক্ৰয় কৰাত সহায় কৰা চৰকাৰী বিষয়া তথা মণ্ডলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জাতীয় সংগ্ৰামী সেনা অসমৰ লগতে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ ।জিলা প্ৰশাসনক এটা সপ্তাহৰ ভিতৰত ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে । আনহাতে ক্ৰয় কৰা মাটি পুনৰ স্বত্বাধিকাৰীক ঘূৰাই নিদিলে পৰিণতি ভয়াবহ হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে সংগঠন দুটাই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande