উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ পাৰমাণৱিক সামগ্ৰী উৎপাদন কেন্দ্ৰ পৰিদৰ্শন
পিয়ংইয়াং (উত্তৰ কোৰিয়া)/চিউল (দক্ষিণ কোৰিয়া), ০৪ জুন (হি.স.)। উত্তৰ কোৰিয়াৰ উচ্চতম নেতা কিম জং উনে শেহতীয়াকৈ উদ্বোধন কৰা পাৰমাণৱিক সামগ্ৰী উৎপাদন কেন্দ্ৰ পৰিদৰ্শন কৰে। তেওঁ দেশৰ পাৰমাণৱিক অস্ত্ৰৰ মজুত দ্ৰুতগতিত শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়
उत्तर कोरिया के नेता किम जोंग-उन परमाणु सामग्री उत्पादन सुविधा केंद्र में। फोटो - द कोरिया टाइम्स


পিয়ংইয়াং (উত্তৰ কোৰিয়া)/চিউল (দক্ষিণ কোৰিয়া), ০৪ জুন (হি.স.)। উত্তৰ কোৰিয়াৰ উচ্চতম নেতা কিম জং উনে শেহতীয়াকৈ উদ্বোধন কৰা পাৰমাণৱিক সামগ্ৰী উৎপাদন কেন্দ্ৰ পৰিদৰ্শন কৰে। তেওঁ দেশৰ পাৰমাণৱিক অস্ত্ৰৰ মজুত দ্ৰুতগতিত শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বৃহস্পতিবাৰে চৰকাৰী সংবাদ মাধ্যম কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সী (কেচিএনএ)য়ে প্ৰকাশ কৰা অনুসৰি কিমৰ সৈতে দলৰ শীৰ্ষ বিষয়াও আছিল। অৱশ্যে এই স্থানৰ বিষয়ে প্ৰকাশ কৰা নাই কেচিএনএয়ে।

দক্ষিণ কোৰিয়াৰ কাকত দ্য কোৰিয়া টাইমছে কেচিএনএ আৰু দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে। ছিউলত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এখন সংবাদমেলত কোৱা হৈছে যে এই সুবিধা ইউৰেনিয়াম সমৃদ্ধিৰ স্থান হ’ব পাৰে। উত্তৰ কোৰিয়াই বৰ্তমান ইয়ংবিয়ন, কাংচিয়ন, আৰু কুছংত ইউৰেনিয়াম সমৃদ্ধিৰ সুবিধা চলাই আছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে কিমে চতুৰ্থটো সুবিধালৈ গৈছিল নে নাই সেয়া স্পষ্ট নহয়।

কিমে কয় যে যোৱা পাঁচ বছৰত উত্তৰ কোৰিয়াৰ পাৰমাণৱিক সামগ্ৰী উৎপাদন ক্ষমতা দুগুণতকৈও অধিক বৃদ্ধি পাইছে। সম্ভাৱ্য ভাবুকি আৰু অপ্ৰত্যাশিত দীৰ্ঘম্যাদী সংকটৰ সময়ত এইটো অতি গুৰুত্বপূৰ্ণ। তেওঁ ইংগিত দিয়ে যে পিয়ংইয়াঙে নিজৰ পাৰমাণৱিক উচ্চাকাংক্ষাৰ পৰা পিছুৱাই যোৱাৰ কোনো উদ্দেশ্য নাই। তেওঁ কয় যে এই নতুন সুবিধাটোৱে দেশখনৰ পাৰমাণৱিক ক্ষমতাৰ দ্ৰুত উন্নতিৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। উল্লেখযোগ্য যে উত্তৰ কোৰিয়াই প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ইউৰেনিয়াম সমৃদ্ধিৰ সুবিধা উন্মোচন কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande