'পেড্ডী'ৰ সফলতাৰ বাবে জাহ্নৱী কাপুৰৰ তিৰুমালাত প্ৰাৰ্থনা
ৰাম চৰণ আৰু জাহ্নৱী কাপুৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘পেড্ডী’ অহা ৪ জুনত ছবিগৃহত মুক্তি লাভ কৰে। ছবিখন মুক্তিৰ পূৰ্বে জানহৱী কাপুৰে অন্ধ্ৰ প্ৰদেশৰ বিখ্যাত তিৰুমালা মন্দিৰত ভগৱান ভেংকটেশ্বৰৰ আশীৰ্বাদ বিচাৰিছিল । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিন
जाह्नवी कपूर - फोटो सोर्स एक्स


ৰাম চৰণ আৰু জাহ্নৱী কাপুৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘পেড্ডী’ অহা ৪ জুনত ছবিগৃহত মুক্তি লাভ কৰে। ছবিখন মুক্তিৰ পূৰ্বে জানহৱী কাপুৰে অন্ধ্ৰ প্ৰদেশৰ বিখ্যাত তিৰুমালা মন্দিৰত ভগৱান ভেংকটেশ্বৰৰ আশীৰ্বাদ বিচাৰিছিল । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’, য’ত দেখা গৈছে খালী ভৰিৰে মন্দিৰৰ চিৰি বগাইছে। বিশ্বাস কৰা হয় যে জাহ্নৱীয়ে ছবিখনৰ সফলতা আৰু দৰ্শকৰ মৰমৰ বাবে প্ৰাৰ্থনা কৰিবলৈ মন্দিৰলৈ গৈছিল।

মন্দিৰ ভ্ৰমণৰ সময়ত জাহ্নৱীক পৰম্পৰাগত দেখা গৈছিল। তাই পিন্ধিছিল এখন ধুনীয়া বেঙুনীয়া ৰঙৰ কাঞ্জীৱৰাম শাৰী, য’ত গধুৰ পৰম্পৰাগত গহনা আছিল যিয়ে তাইৰ ৰূপটোক বৰ্ধিত কৰিছিল। ভিডিঅ’টোত মন্দিৰ চৌহদৰ বাহিৰত ভক্তৰ মাজত শান্ত আৰু সহজভাৱে দেখা গৈছে অভিনেত্ৰীগৰাকীক। অনুৰাগীয়ে তেওঁৰ আধ্যাত্মিক উপস্থিতিৰ প্ৰশংসা কৰিছে।

মন কৰিবলগীয়া যে তিৰুমালা মন্দিৰৰ সৈতে জাহ্নৱী কাপুৰৰ এক বিশেষ সম্পৰ্ক আছে। জন্মদিনত আৰু কেৰিয়াৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানত প্ৰায়েই ইয়ালৈ দৰ্শনৰ বাবে আহে। বুচি বাবু ছানাৰ পৰিচালনাত নিৰ্মিত পেড্ডী ৰাম চৰণ আৰু জাহ্নৱী কাপুৰৰ লগতে দিব্যেন্দু শৰ্মা, শিৱ ৰাজকুমাৰ, আৰু বোমন ইৰাণীয়ে অভিনয় কৰা এখন ক্ৰীড়া নাটক ছবি। দেৱৰাৰ পিছত দক্ষিণ চিনেমাৰ এইখন জানহৱীৰ দ্বিতীয়খন ডাঙৰ ছবি, আৰু ইয়াক লৈ দৰ্শক উৎসাহিত।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande