
নতুন দিল্লী, ০৪ জুন (হি.স.)। আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজৰ সৈতে সাক্ষাৎ কৰে। ড০ জয়শংকৰে টুইটাৰত লিখিছে, আজি ইয়াত (দিল্লী) ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক লগ পাই আনন্দিত হৈছো। ভাৰত-ভেনিজুৱেলাৰ সম্পৰ্কৰ প্ৰতি তেওঁৰ দীৰ্ঘদিনীয়া সমৰ্পণৰ গভীৰ শলাগ লৈছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ বৈঠকে আমাৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰিব।
এই ভ্ৰমণৰ সময়ত ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰড্ৰিগেজে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। এই আলোচনাত ভাৰত-ভেনিজুৱেলাৰ সম্পৰ্কৰ সকলো দিশৰ ওপৰত আলোচনা কৰা হ’ব আৰু শক্তি সুৰক্ষা, বাণিজ্য আৰু বিনিয়োগ, ঔষধ, স্বাস্থ্যসেৱা, পৰিবহণ, আৰু নবীকৰণযোগ্য শক্তিৰ দৰে ক্ষেত্ৰত অধিক সহযোগিতাৰ পথ অন্বেষণ কৰা হ’ব।
উল্লেখযোগ্য যে ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে অহা ৩ জুনৰ পৰা ৭ জুনলৈ ভাৰত ভ্ৰমণ কৰিব।আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। এই বৈঠকৰ সময়ত শক্তি, বাণিজ্য, বিনিয়োগ, উৎপাদন, স্বাস্থ্য, আৰু পৰিবহণৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ ওপৰত আলোচনা হ’ব বুলি আশা কৰা হৈছে।
ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে বৈদেশিক পৰিক্ৰমা, অৰ্থনীতি আৰু বিত্ত, বিজ্ঞান আৰু প্ৰযুক্তি, যোগাযোগ আৰু তথ্য, আৰু পৰিবহণ মন্ত্ৰীসকল গঠিত এটা প্ৰতিনিধি দলো আছে। ইয়াৰ পূৰ্বে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰড্ৰিগেজে বৈদেশিক মন্ত্ৰী আৰু উপ-ৰাষ্ট্ৰপতি হিচাপে কেইবাবাৰো ভাৰত ভ্ৰমণ কৰি আহিছে। এয়া তেওঁৰ ষষ্ঠ ভাৰত ভ্ৰমণ ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া