বিশ্ব সংকটৰ মাজতো ইন্ধনৰ মূল্য সৰ্বনিম্ন বৃদ্ধি পোৱা দেশৰ ভিতৰত ভাৰতঃ পুৰী
নতুন দিল্লী, ০৪ জুন (হি.স.)। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বৃহস্পতিবাৰে কয় যে পশ্চিম এছিয়াৰ সংকট আৰু বিশ্বৰ ভূ-ৰাজনৈতিক অস্থিৰতাৰ মাজতো ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য আন বেছিভাগ দেশৰ তুলনাত বহু মৃদু বৃদ্ধি হোৱ
मारुति के फ्लेक्स-फ्यूल यात्री वाहन की लॉन्चिंग के अवसर संबोधित करते हरदीप सिंह पुरी


मारुति के फ्लेक्स-फ्यूल यात्री वाहन की लॉन्चिंग के अवसर संबोधित करते हरदीप सिंह पुरी


নতুন দিল্লী, ০৪ জুন (হি.স.)। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বৃহস্পতিবাৰে কয় যে পশ্চিম এছিয়াৰ সংকট আৰু বিশ্বৰ ভূ-ৰাজনৈতিক অস্থিৰতাৰ মাজতো ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য আন বেছিভাগ দেশৰ তুলনাত বহু মৃদু বৃদ্ধি হোৱা দেখা গৈছে ।

কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত মাৰুতি চুজুকিৰ দ্বাৰা নিৰ্মিত ভাৰতৰ প্ৰথমখন ফ্লেক্স ইন্ধনযুক্ত যাত্ৰীবাহী বাহন মুকলি অনুষ্ঠানত দিয়া ভাষণৰ সময়ত এই মন্তব্য কৰে। ইয়াৰ দ্বাৰা ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগী আৰু অধিক শক্তিশালী হ’ব বুলিও তেওঁ কয়। এই অনুষ্ঠানত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীও উপস্থিত থাকে।

হৰদীপ সিং পুৰীয়ে দেশজুৰি ফ্লেক্স ইন্ধনযুক্ত বাহন আৰু ইথানলৰ আন্তঃগাঁথনি ৰূপায়ণৰ বাবেও এক অভিলাষী ৰোডমেপ দাঙি ধৰে। পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে কয় যে যাত্ৰীবাহী বাহন খণ্ডত ফ্লেক্স-ফিউৱেল প্ৰযুক্তিৰ প্ৰৱেশ কেৱল এটা প্ৰডাক্ট লঞ্চ নহয় বৰঞ্চ ভাৰতৰ শক্তি পৰিৱৰ্তনৰ এক নতুন অধ্যায়ৰ আৰম্ভণি। ফ্লেক্স ইন্ধনযুক্ত বাহন ইথানল আৰু পেট্ৰ’লৰ বিভিন্ন মিশ্ৰণত চলিব পাৰে, ই ২০ৰ পৰা ই১০০লৈকে।

পেট্ৰলিয়াম মন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতত প্ৰায় ৩৭ লাখ যাত্ৰীবাহী বাহন আছে, যিয়ে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ আকাংক্ষা আৰু ব্যক্তিগত গতিশীলতাৰ ভৱিষ্যত প্ৰতিফলিত কৰে। এই খণ্ডত ফ্লেক্স-ফুৱেল প্ৰযুক্তিৰ ব্যাপক গ্ৰহণে ইথানল ভিত্তিক গতিশীলতাৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি কৰিব পাৰে। পুৰীয়ে উল্লেখ কৰে যে পশ্চিম এছিয়াৰ সংকটৰ মাজতো ভাৰতে ৯০ দিনতকৈ অধিক সময় ধৰি প্ৰায় স্বাভাৱিক ইন্ধনৰ যোগান বজাই ৰাখিছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ প্ৰায় ৯০ শতাংশ খাৰুৱা তেল আমদানি হৰমুজ জলদ্বীপৰ মাজেৰে আহে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২৮ ফেব্ৰুৱাৰীত পশ্চিম এছিয়াত সংঘাত আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতৰ এল পি জি আমদানিৰ প্ৰায় ৬০ শতাংশই হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হৈছিল। তেওঁ কয় যে ১.৪ বিলিয়ন জনসংখ্যা আৰু শক্তিৰ চাহিদা বিশ্বৰ গড়ৰ তিনিগুণ বৃদ্ধিৰ ফলত ভাৰতে সমগ্ৰ দেশতে পেট্ৰলিয়াম সামগ্ৰীৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰিলে। মন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ কোনো ঠাইতে পেট্ৰলিয়াম সামগ্ৰীৰ অভাৱ নাছিল। মানুহে পথ আৰু বিমানযোগে স্বাভাৱিকভাৱে যাত্ৰা কৰি থাকিল। বিশ্বব্যাপী বিঘিনি ঘটিলেও ভাৰতে প্ৰায় স্বাভাৱিক অৱস্থা বজাই ৰাখিলে ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande