জামুগুৰিহাটৰ শলগুৰিত সংৰক্ষিত গুৰুজনাৰ দিনৰ আপুৰুগীয়া সাঁচিপাতৰ পুথি
শোণিতপুৰ, ০৪ জুন (হি.স.)। জামুগুৰিহাটৰ শলগুৰিত সংৰক্ষিত হৈ আছে গুৰুজনাৰ দিনৰ আপুৰুগীয়া সাঁচিপাতৰ পুথি। শলগুৰি গাঁৱৰ ঐতিহাসিক চেউনি বটদ্ৰৱা কলিয়াগোঁসাই থানত সংৰক্ষিত হৈ আছে ১৫শ শতিকাৰ এই সাঁচিপাতৰ পুথি। উল্লেখ্য় যে বৰ্তমান ৰাইজৰ আকৰ্ষণৰ কেন্দ্
জামুগুৰিহাটৰ শলগুৰিত সংৰক্ষিত গুৰুজনাৰ দিনৰ আপুৰুগীয়া সাঁচিপাতৰ পুথি


শোণিতপুৰ, ০৪ জুন (হি.স.)। জামুগুৰিহাটৰ শলগুৰিত সংৰক্ষিত হৈ আছে গুৰুজনাৰ দিনৰ আপুৰুগীয়া সাঁচিপাতৰ পুথি।

শলগুৰি গাঁৱৰ ঐতিহাসিক চেউনি বটদ্ৰৱা কলিয়াগোঁসাই থানত সংৰক্ষিত হৈ আছে ১৫শ শতিকাৰ এই সাঁচিপাতৰ পুথি।

উল্লেখ্য় যে বৰ্তমান ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এই পুথিসমূহ। জামুগুৰিহাটৰ শলগুৰিত অৱস্থিত ঐতিহাসিক চেউণী বটদ্ৰৱা কলীয়াগোঁসাই থানত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ দিনৰ ১৫শ শতিকাৰো অধিক পুৰণি আপুৰুগীয়া সাঁচিপাতৰ ভাগৱত পুথি সযতনে সংৰক্ষিত হৈ আছে। এই সাঁচিপাতৰ পুথিখন ১৫শ শতিকাৰ বুলি জনা যায়, য’ত শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নিজ হাতে লিখা বুলি বিশ্বাস কৰা হয়।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande