বৈঠালাংছʼত অৰ্ধ লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ
কাৰ্বিআংলং, ০৪ জুন (হি.স.)। বৈঠালাংছʼত পুৱতি নিশা অৰ্ধ লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কাৰ্বি পাহাৰৰ বুকু উদং কৰি একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে মূল্যৱান গছ-গছনিৰ চোৰাং কাৰবাৰ। বিশেষকৈ দাঁতিকাষৰীয়া নগাঁও জিলাৰ মাধৱপ
বৈঠালাংছʼত অৰ্ধ লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ


কাৰ্বিআংলং, ০৪ জুন (হি.স.)। বৈঠালাংছʼত পুৱতি নিশা অৰ্ধ লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কাৰ্বি পাহাৰৰ বুকু উদং কৰি একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে মূল্যৱান গছ-গছনিৰ চোৰাং কাৰবাৰ। বিশেষকৈ দাঁতিকাষৰীয়া নগাঁও জিলাৰ মাধৱপাৰা, শিঙীমাৰী আৰু শিমলুগুৰি আদি অঞ্চলৰ একাংশ অসাধু চোৰাং কাঠ ব্যৱসায়ীয়ে স্থানীয় কিছু লোকৰ সহযোগত বন বিভাগৰ চকুত ধূলি দি অতি কৌশলেৰে নিতৌ সৰবৰাহ কৰি আহিছে বিয়াগোম চোৰাং কাঠৰ কুণ্ডা বা ফান্তা ।

আজি পুৱতি নিশা বন বিভাগে এক গোপন সূত্ৰৰ পম খেদি বৈঠালাংছʼ খণ্ড বন কাৰ্যালয়ৰ উপ বনপালক নকুল কুমাৰ মজুমদাৰৰ, খণ্ড বন বিষয়া পংকজ বৰা আৰু চিত্ৰে নেৱাৰৰ নেতৃত্বত যোৱা তহলদাৰী দলে ওমজাখিনি বনাঞ্চলৰ পৰা আহি থকা অৱস্থাত কাঠ ভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, নম্বৰ বিহীন গাড়ীখনে চোৰাং কাঠখিনি ওমজাখিনি বনাঞ্চলৰ পাহাৰীয়া অঞ্চলৰ পৰা বৈঠালাংছʼ অভিমুখে লৈ গৈ আছিল। অৱশ্যে অভিযানৰ সময়ত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ গাড়ী খনৰ চালকজন ঘটনাস্থলীৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়। জব্দকৃত এই চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় অৰ্ধ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে। বৰ্তমান বন বিভাগে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande