শোণিতপুৰৰ মৰমীৰ দেৱী ৰায়ে ৰাষ্ট্ৰীয় খেলত সোনৰ পদক,ৰূপ,ব্ৰঞ্জ সহ চাৰিটাকৈ পদক অৰ্জন
শোণিতপুৰ, ০৪ জুন (হি.স.)। শোণিতপুৰৰ চলাগাৱৰ মৰমী দেৱী ৰায়ে ৰাষ্ট্ৰীয় খেলত সোনৰ পদক,ৰূপ,ব্ৰঞ্জ সহ চাৰিটাকৈ পদক অৰ্জন কৰিব সক্ষম হয়। শোণিতপুৰৰ চলাগাৱ নিবাসী মৰমী দেৱী ৰায়ে গোৱাত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় ৱমেনচ মাষ্টাৰছ এথেলেটিকচত অসমৰ হৈ প্ৰতিন
শোণিতপুৰৰ মৰমীৰ দেৱী ৰায়ে ৰাষ্ট্ৰীয় খেলত সোনৰ পদক,ৰূপ,ব্ৰঞ্জ সহ চাৰিটাকৈ পদক অৰ্জন


শোণিতপুৰ, ০৪ জুন (হি.স.)। শোণিতপুৰৰ চলাগাৱৰ মৰমী দেৱী ৰায়ে ৰাষ্ট্ৰীয় খেলত সোনৰ পদক,ৰূপ,ব্ৰঞ্জ সহ চাৰিটাকৈ পদক অৰ্জন কৰিব সক্ষম হয়। শোণিতপুৰৰ চলাগাৱ নিবাসী মৰমী দেৱী ৰায়ে গোৱাত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় ৱমেনচ মাষ্টাৰছ এথেলেটিকচত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি জেভলিন থ্ৰত ৰূপৰ, হামাৰ থ্ৰ'ত ব্ৰঞ্জ, চটফুতত ব্ৰঞ্জ, ৪০০,১০০ মিটাৰ ৰিলেত সোনৰ পদক মুঠ চাৰিটাকৈ পদক লাভ কৰি অসমৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

আজি খেলুৱৈ গৰাকীক সংগ্ৰামী বৃহত্তৰ অসমীয়া মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অঞ্জন বৰাৰ লগতে বিভিন্ন জনে সম্বৰ্ধনা জনায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande