
নগাঁও, ০৪ জুন (হি.স.)। বটদ্ৰৱাৰ ৰামপুৰ ছলাপথাৰত ভূমি কেন্দ্রীক সংঘাত । ছৰিফুল ইছলামৰ নেতৃত্বত এটা ভূ– মাফিয়াৰ দলে বলপূৰ্বক ভাৱে ভূমি বেদখল কৰি নিশাটোৰ ভিতৰতে সাজিলে ঘৰ। ভূমি বেদখলত বাধা প্রদান কৰাৰ বাবেই হাতে হাতে দা, লাখুটি লৈ কালি নিশাই ভূ মাফিয়াৰ দলটোৱে ভুক্তভোগী পৰিয়ালটোক মাৰপিট কৰে।
ভূ মাফিয়াৰ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় ভুক্তভোগী পৰিয়ালটোৰ পাচজন সদস্য। ইব্ৰাহিম আলী, বুলবুল হুছেইন, নাৰ্জিনা খাতুন, শ্বেখ আব্দুল্লা আৰু মোস্তাফা আহমেদ। আটাইকে উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ এখন নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছে। ভূ মাফিয়াৰ দলটোত আছে ছৰিফুল ইছলাম, ছাইফুল ইছলাম, মোছাহিদুল ইছলাম, ছানা উল্লাহ আৰু মেহমাদুল ইছলাম (ৰানা) ।
ঘটনা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীৰ ভূমিকা ৰহস্যজনক । ইফালে নিশা ভূ– মাফিয়াৰ সন্ত্ৰাসত ঘৰৰ ভিতৰত নিজকে আবদ্ধ কৰি ৰাখিছে ভুক্তভোগী পৰিয়ালটোৱে। ভয় আৰু শংকাত ভুগি আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সহায় ভিক্ষা মাগিছে ভুক্তভোগী পৰিয়ালটোৱে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ