বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ধৰ্মপুৰ গাঁৱত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই তাণ্ডৱৰ সৃষ্টি
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ধৰ্মপুৰ গাঁৱত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা গৰাখহনীয়াই তাণ্ডৱৰ সৃষ্টি কৰিছে ।
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ধৰ্মপুৰ গাঁৱত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই তাণ্ডৱৰ সৃষ্টি


বৰপেটা, ০৪ জুন (হি.স.): বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ধৰ্মপুৰ গাঁৱত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা গৰাখহনীয়াই তাণ্ডৱৰ সৃষ্টি কৰিছে । খহনীয়াত ইতিমধ্যে কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে বৃহৎ পৰিমাণৰ কৃষিভূমি জাহ গৈছে ব্ৰহ্মপুত্ৰত।

স্থানীয় লোকে ব্যক্ত কৰা মতে, বিগত ৮-১০ বছৰত অঞ্চলটোৰ চাৰিখন গাঁও সম্পূৰ্ণৰূপে জাহ গৈছে ব্ৰহ্মপুত্ৰত। প্ৰায় ডেৰ হাজাৰৰো অধিক পৰিয়াল গৃহহীন হৈ বিভিন্ন ঠাইত নতুনকৈ বসতি স্থাপন কৰিছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াই বৃহত্তৰ ধৰ্মপুৰ অঞ্চলৰ শ শ পৰিয়ালক গৃহহীন কৰাৰ পাছতো অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে ন্যূনতম ব্যৱস্থাও গ্ৰহণ কৰা নাই জলসম্পদ বিভাগে । চৰকাৰী অৱহেলাৰ বাবেই গৰাখহনীয়াই ধৰ্মপুৰ অঞ্চলত এক ভয়ানক পৰিৱেশৰ সৃষ্টি কৰিছে । এই ক্ষেত্ৰত গৰাখহনীয়া ৰোধ কৰাৰ বাবে ভূক্তভোগীসকলে বিভাগীয় কৰ্তৃপক্ষক আৰ্জি জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande