বৰপেটা ৰোডত খাদ্য সুৰক্ষা বিষয়াৰ অভিযানত জব্দ কাৰ্বাইডযুক্ত আম
বৰপেটা, ০৪ জুন (হি.স.)। বৰপেটা ৰোডত আৰক্ষীৰ সহযোগত খাদ্য সুৰক্ষা বিষয়াৰ অভিযান | পুৱাৰ ভাগত কলৰ গুডামত চলা অভিযানৰ পিচত এইবাৰ আমৰ গুডামত অভিযান খাদ্য সুৰক্ষা বিষয়াৰ | অভিযানত জব্দ পশ্চিমবংগৰ মুৰ্চিদাবাদৰ পৰা অহা আম | এটা আম ৰখা গুডামৰ পৰা জব্দ
বৰপেটা ৰোডত খাদ্য সুৰক্ষা বিষয়াৰ অভিযানত জব্দ কাৰ্বাইডযুক্ত আম


বৰপেটা, ০৪ জুন (হি.স.)। বৰপেটা ৰোডত আৰক্ষীৰ সহযোগত খাদ্য সুৰক্ষা বিষয়াৰ অভিযান |

পুৱাৰ ভাগত কলৰ গুডামত চলা অভিযানৰ পিচত এইবাৰ আমৰ গুডামত অভিযান খাদ্য সুৰক্ষা বিষয়াৰ |

অভিযানত জব্দ পশ্চিমবংগৰ মুৰ্চিদাবাদৰ পৰা অহা আম |

এটা আম ৰখা গুডামৰ পৰা জব্দ কৰা হৈছে কাৰ্বাইডযুক্ত আম |

জেহিৰুল ইছলাম ওৰফে জোহৰ আলীৰ গুডামত অভিযান চলাই আম পকাবৰ বাবে কাৰ্বাইড মিহলাই থকা অৱস্থাত জব্দ হ'ল আম |

আজি মুৰ্ছিদাবাদৰ পৰা ট্ৰাকযোগে আহিছিল কেচা আম |

কেচা আমসমুহ বিক্ৰীৰ বাবে কাৰ্বাইড মিহলাই থকাৰ সময়তে বৰপেটাৰোড আৰক্ষীৰ সহযোগত খাদ্য সুৰক্ষা বিষয়াৰ দলে অভিযান চলাই আম সমুহ জব্দ কৰে |

ইপিনে খাদ্য সুৰক্ষা বিষয়া নাজমিন আহমেদে জনোৱা অনুসৰি ফলমূল পকাবলৈ ব্যৱহাৰ কৰা কেলচিয়াম কাৰ্বাইড জনস্বাস্থ্যৰ বাবে অতিকৈ বিপদজ্জনক |

দীৰ্ঘদিন কাৰ্বাইড ব্যৱহাৰৰ ফলত মানুহৰ হব পৰা ক্ষতিৰ বিষয়েও সদৰি কৰিলে খাদ্য সুৰক্ষা বিষয়াই |

ইতিমধ্যে কাৰ্বাইড মিহলি আম সমুহ জব্দ কৰিছে আৰক্ষীয়ে |

জব্দ কৰা ফলমূল সমুহ নষ্ট কৰা হব |

ইপিনে জব্দ কৰা ফলমূল আৰু কাৰ্বাইড সম্পৰ্কে পৰীক্ষাৰ ৰিপ'ৰ্ট অহাৰ পিচতহে দোষী ব্যৱসায়ীৰ ওপৰত ব্যৱস্থা গ্ৰহন কৰিব পৰা হব বুলি মন্তব্য খাদ্য সুৰক্ষা বিষয়াৰ |

হাতেলোটে কাৰ্বাইড জব্দৰ পিচতো পৰীক্ষাগাৰৰ পৰা ৰিপোৰ্ট অহাৰ পিচত অভিযুক্ত ব্যৱসায়ীৰ বিৰুদ্ধে কি ব্যৱস্থা লয় তালৈ সকলোৱে বাট চাইছে |

ইপিনে বৰপেটা জিলা ছাত্ৰ সন্থাই জনস্বাস্থ্যৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই অনা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande