

মৰিগাঁও, ০৪ জুন (হি.স.)। জাগীৰোডত চিপিআই (এম)ৰ প্ৰতিবাদী কাৰ্যসূচী। জাগীৰোডৰ প্রস্তাৱিত চেটেলাইট টাউনশ্বিপ সম্পূর্ণৰূপে বাতিল কৰাৰ দাবীত চিপিআই (এম)ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ যুগ যুগ ধৰি বসবাস কৰি অহা ফৰেষ্ট অঞ্চলৰ গাঁওসমূহ ৰাজহ গাঁও হিচাপে ঘোষণা কৰি মাটিৰ পট্টা প্ৰদানৰ দাবীত জাগীৰোডৰ মাজমজিয়াত ৰূপায়ণ কৰে প্ৰতিবাদী সমদল ৷
ইয়াৰ সমান্তৰালভাৱে পেট্র'ল-ডিজেল আৰু ৰন্ধন গেছৰ লগতে নিত্য ব্যৱহাৰ্য প্রতিপদ সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰা, বন্ধ কৰা ৰেচনৰ সামগ্ৰী সমূহ পুনৰ যোগান ধৰাৰ লগতে আটা, নিমখ আদি কম দামত দিয়াৰ ব্যৱস্থা কৰাৰ দাবীৰে সাব্যস্ত কৰে এই প্ৰতিবাদী সমদল ৷ প্ৰতিবাদী সমদলত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰে পৰিৱেশ ৷
হিন্দুস্থান সমাচাৰ / Narayan Kar