
গোলাঘাট, ০৪ জুন (হি.স.)। ইতিহাস আৰু প্ৰকৃতিৰ অপূৰ্ব সংগমস্থলী হিচাপে পৰিচিত গোলাঘাট জিলাৰ সৰুপথাৰৰ ১নং ৰজাপুখুৰী।সোণাৰু ফুলৰ হালধীয়া আভা,সেউজীয়া প্ৰকৃতি আৰু বিস্তৃত জলৰাশিয়ে এতিয়া আকৰ্ষণ কৰিছে অগণন দৰ্শনাৰ্থীক । প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে এই পুখুৰীটোৱে বহন কৰি আছে কছাৰী ৰাজত্বৰ এক সমৃদ্ধ ঐতিহাসিক পৰম্পৰা ।
স্থানীয় জনশ্ৰুতি অনুসৰি,প্ৰাচীন কছাৰী ৰজাই খন্দোৱা এই পুখুৰীটো আজিও ইতিহাসৰ নীৰৱ সাক্ষী হৈ থিয় দি আছে । সমীপতে অৱস্থিত ৰাণীপুখুৰীও একে সময়তে খন্দোৱা হৈছিল বুলি বিশ্বাস কৰা হয় । পুখুৰীটোৰ নাম অনুসৰিয়েই গঢ় লৈ উঠিছিল ৰজাপুখুৰী শ্যাম গাঁও।বৰ্তমান এই ঐতিহাসিক সম্পদটোৰ সংৰক্ষণ আৰু পৰ্যটনস্থলী হিচাপে উন্নয়নৰ দাবী জনাইছে স্থানীয় ৰাইজে । ইতিহাসৰ ঐতিহ্য আৰু প্ৰকৃতিৰ সৌন্দৰ্য একেলগে উপভোগ কৰিব পৰা ১নং ৰজাপুখুৰী ভৱিষ্যতে অসমৰ এক উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় লৈ উঠাৰ যথেষ্ট সম্ভাৱনা আছে ।
.
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু