খণ্ড উন্নয়ন বিষয়া সহিতে কৰ্ম্মচাৰী সকলক তীব্ৰ সকিয়নি বিধায়ক বজালীৰ বিধায়কৰ
বজালী, ০৪ জুন (হি.স.)। উন্নয়নৰ ক্ষেত্ৰত পিছপৰি যোৱাক লৈ খৰ্গহস্ত হৈ পৰিছে বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়। এইক্ষেত্ৰত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বজালীৰ বিধায়কগৰাকীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰে l আজি কাৰ্যালয়ত প্ৰবেশ কৰিয়েই খণ্ড উন্নয়ন ব
খণ্ড উন্নয়ন বিষয়া সহিতে কৰ্ম্মচাৰী সকলক তীব্ৰ সকিয়নি বিধায়ক বজালীৰ বিধায়কৰ


বজালী, ০৪ জুন (হি.স.)। উন্নয়নৰ ক্ষেত্ৰত পিছপৰি যোৱাক লৈ খৰ্গহস্ত হৈ পৰিছে বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়। এইক্ষেত্ৰত

খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বজালীৰ বিধায়কগৰাকীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰে l

আজি কাৰ্যালয়ত প্ৰবেশ কৰিয়েই খণ্ড উন্নয়ন বিষয়া সহিতে কৰ্ম্মচাৰী সকলক তীব্ৰ সকিয়নি দিয়ে বিধায়ক গৰাকীয়ে l

কাৰ্যালয়টো পূৰ্বে ভাল অবস্থাৰ পৰা ৰাজ্যৰ ভিতৰতে আজি পিছুৱাই কিয় ৩১ নং স্থান পালে তাৰ বাবেও বিষয়াক জৱাবদিহি কৰে ধৰ্মেশ্বৰ ৰয়ে l

খঙত অগ্নিশৰ্মা হৈ বিধায়ক গৰাকীয়ে ভৱিষ্যতে যাতে কাৰ্যালয়ত অনিয়ম নহয় তাৰ বাবে সকিয়নি প্ৰদান কৰে l ।

আনহাতে ইতিপূৰ্বে পূৰ্বে বদলি হৈ যোৱা খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে কেইদিনমান পূৰ্বে নিশা আহি কাৰ্যালয় খুলি ভিতৰত প্ৰবেশ কৰি কাম কৰা বিষয়ক লৈ ও ক্ষুণ্ণ হৈ পৰে বিধায়ক গৰাকী l

আনহাতে দুৰ্নীতিত লিপ্ত হোৱা তথ্য পালেই সেই কৰ্ম্মচাৰীক জেললৈ প্ৰেৰণ কৰিৱ বুলি ও ভাবুকি দিয়ে বিধায়ক গৰাকীয়ে l

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande